এন এফ ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰিব উত্তৰ-পূৱ ৰে’লৱে মজদুৰ ইউনিয়নে

Press meet.jpg1

দেশৰ ৰাজহুৱা খণ্ড প্ৰতিষ্ঠানক ব্যক্তিগতকৰণ আৰু নতুন পেঞ্চন নীতি বিৰোধিতাৰে বৃহস্পতিবাৰে উত্তৰ-পূৱ ৰে’লৱে মুখ্য কাৰ্যালয়ত উত্তৰ-পূৱ ৰে’লৱে মজদুৰ ইউনিয়নে বিক্ষোভ প্ৰদৰ্শন কৰিব।

মালিগাঁও উত্তৰ-পূৱ ৰে’লৱে মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰিব লগা বিক্ষোভ কাৰ্যসূচীৰ কথা আজি এক সংবাদ মেল যোগে ঘোষণা কৰে এন এফ ৰে’লৱে ইউনিয়নৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে।

বিশ্বাসে কয় “ইউনিয়ৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিব এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয়।এয়া আমাৰ আৰম্ভণিহে।”

ভাৰতৰ পৰিবহন ব্যৱস্থাত কম খৰচী ভ্ৰমণ হিচাপে পৰিগণিত হৈ অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰে’লৱেক ভাৰত চৰকাৰে নিজৰ পুঁজি বৃদ্ধি কৰিবলৈ ব্যক্তিগতকৰণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই কয়, “সমগ্ৰ দেশত এই পৰ্যন্ত প্ৰায় ১৫০খন ৰেইল আৰু ৫০টা ৰে’লৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছে। তাৰে কিছু সংখ্যকৰ ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ন হৈছে যদিও কিছু এতিয়াও বাকী আছে।”

ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা ৫০টা ৰে’লৱে ষ্টেচনৰ ভিতৰত উত্তৰ-পূৱ ৰে’লৱে অন্তৰ্গত কামাখ্যা ৰে’ল ষ্টেচনো অন্তৰ্ভুক্ত হৈছে। কিন্তু ইউনিয়নৰ বিৰোধিতাৰ বাবে এই পৰ্যন্ত হস্তান্তৰ কৰিব পৰা নাই বুলি সভাপতি দাস গুপ্তই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও সংবাদ মেলত প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ-পূৱ ৰে’লৱে অন্তৰ্গত ৭ খনকৈ লাভজনক ৰেইল চৰকাৰে ব্যক্তিগত খণ্ডক হস্তান্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ভিতৰত আছে গুৱাহাটী-তিলক ব্ৰিজ, কাটিহাৰা-তিলক ব্ৰিজ, কৃষাণগঞ্জ-তিলক ব্ৰিজ, কোচভেলী-গুৱাহাটী, টিচিটিবি-গুৱাহাটী, চেকেণ্ড্ৰাবাদ-গুৱাহাটী। বৰ্তমান সময়লৈকে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে নিবিদা সম্পূৰ্ণ হোৱা সম্ভাৱনা থকা বুলি উল্লেখ কৰে সভাপতি দাসগুপ্তাই।

উল্লেখ্য যে ২০২০-২১বর্ষৰ বিত্তীয় বাজেটত দেশৰ ৰাজহুৱা খণ্ড উদ্যোগসমূহ বিক্ৰী কৰিবলৈ চৰকাৰে ২ লাখ ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

গুৱাহাটীৰ প্ৰেছ ক্লাৱত ইউনিয়নে সম্বোধন কৰা সংবাদ মেলত স্পষ্টকৈ ঘোষণা কৰিছে যে “ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণ কৰিলে পুনৰ ১৯৭৪ চনৰ দৰে ৰেইল সেৱা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ’ব। অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ব ৰেইল চকা।”