ধুবুৰী হৈ ডিব্ৰুগড়! আলিপুৰদুৱাৰ-ডিব্ৰুগড়ৰ মাজত বিশেষ ৰে’ল চলাব উত্তৰ পূব সীমান্ত ৰে’লৱেই

উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ উভয় দিশত এটা ট্ৰিপৰ বাবে ধুবুৰী হৈ ডিব্ৰুগড়-আলিপুৰদুৱাৰ জংচন-ডিব্ৰুগড়ৰ মাজত এখন বিশেষ ৰে’ল চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষ ৰে’ল নং ০৫৯৩৮ (ডিব্ৰুগড় – আলিপুৰদুৱাৰ জংচন) ৰে’লখন ২৫ নৱেম্বৰ, ২০২২ তাৰিখ শুকুৰবাৰে ৭.৩০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৬.৩০ বজাত আলিপুৰদুৱাৰ জংচনত গৈ উপস্থিত হব।

উভতনি দিশত, বিশেষ ৰে’ল নং ০৫৯৩৭ (আলিপুৰদুৱাৰ জংচন- ডিব্ৰুগড়) ৰে’লখন ২৮ নৱেম্বৰ, ২০২২ তাৰিখ সোমবাৰে ১৮.০০ বজাত আলিপুৰদুৱাৰ জংচনৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৭.০০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হব।

লগতে পঢ়ক: মন্দাৱস্থা আহি আছে, ধন ৰাহি কৰক; এই পৰামৰ্শ আমাজনৰ মুৰব্বী জেফ বেজোছৰ

উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন দুলিয়াজান, শিমলুগুড়ী জংচন, ডিমাপুৰ, লংকা, গুৱাহাটী, নিউ বঙাইগাঁও, ধুবুৰী আৰু নিউ কোচবিহাৰ ষ্টেচন হৈ চলিব।

বিশেষ ৰে’লখনত ১৮ টা ডবা থাকিব। ইয়াত ২ টা এচি খ্ৰী টায়াৰ, ১২ টা শ্লীপাৰ শ্ৰেণী, ২ টা জেনেৰেল চিটিং আৰু ২ টা চিটিং কাম লাগেজ ৰেক থাকিব।

এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে।

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ দৃষ্টি ফুটবলত! মুছলমানসকলক কাটাৰ বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান আল-কায়দাৰ

যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।