যাত্ৰীৰ ভিৰ! উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উৎসৱ বিশেষ ৰে’ল আৰু ৱান ৱে বিশেষ ৰে’লৰ চলাচল

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দুযোৰ বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এখন পূজা বিশেষ ৰে’ল ০৮ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৪ লৈ আনন্দ বিহাৰ টাৰ্মিনেল-কাটিহাৰ-আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত উভয় দিশত ১৫ টাকৈ ট্ৰিপৰ বাবে সপ্তাহত দুবাৰকৈ চলাচল কৰিব আৰু আৰু আনখন ৰে’ল ০৫ অক্টোবৰ, ২০২৪ তাৰিখে ডিব্ৰুগড়ৰ পৰা এছএছএছ হুব্বালি জংচনলৈ এটা ট্ৰিপৰ বাবে চলাচল কৰিব।

সেই অনুসৰি ৰে’ল নং ০৪০৪৭ (কাটিহাৰ–আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষ ৰে’লখন প্ৰতি বুধবাৰ আৰু শনিবাৰে ১৮:০০বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি পিছদিনা ১৭:৫০বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ সময়ত ৰে’ল নং ০৪০৪৮ (আনন্দ বিহাৰ টাৰ্মিনেল –কাটিহাৰ) বিশেষ ৰে’লখন প্ৰতি মঙলবাৰ আৰু শুক্ৰবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ১৫:২০বজাত প্ৰস্থান কৰি পিছদিনা ১৫:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।

এই ৰে’লখন এটা এচি প্ৰথমশ্ৰেণী, এটা এচি ২-টায়াৰ, দুটা এচি ২-টায়াৰ কাম এচি ৩-টায়াৰ, এটা এচি ৩-টায়াৰ, দহটা শ্লীপাৰ শ্ৰেণী আৰু এটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাৰ সৈতে চলাচল কৰিব। ৰে’লখন খগৰীয়া, বাৰাউনি, পাটলিপুত্ৰ, পণ্ডিত দীন দয়াল উপাধ্যায় জংচন, মিৰ্জাপুৰ, প্ৰয়াগৰাজ জংচন, চিপিয়ানা বুজুৰ্গ হৈ উভয় দিশত চলাচল কৰিব।

ৱান ৱে বিশেষ ৰে’ল নং ০৫৯২৬ (ডিব্ৰুগড় –এছএছএছ হুব্বালি জংচন) ৰে’লখন ০৫ অক্টোবৰ, ২০২৪ তাৰিখ শনিবাৰে ডিব্ৰুগড়ৰ পৰা ১৩:৩০ বজাত প্ৰস্থান কৰি ০৮ অক্টোবৰ, ২০২৪ তাৰিখ মঙ্গলবাৰে ০৯:০০ বজাত এছএছএছ হুব্বালি জংচনত গৈ উপস্থিত হ’ব।

এই ৰে’লখন দহটা শ্লীপাৰ আৰু দুটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাৰ সৈতে চলাচল কৰিব। ৰে’লখন নিউ তিনিচুকীয়া, শিমলুগুড়ী জংচন, ফৰকাটিং জংচন, লামডিং জংচন, চাপৰমুখ জংচন, গুৱাহাটী, ৰঙিয়া জংচন, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, মালদা টাউন, ডানকুনি, খড়গপুৰ জংচন, ভুৱনেশ্বৰ, বঢ়মপুৰ, বিজয়নগৰম জংচন, সামলকোট জংচন, ৰাজমুন্দ্ৰী, বিজয়ৱাড়া জংচন, গুণ্টাকল জংচন, তোৰানাগাল্লু আৰু গদগ জংচন হৈ এছএছএছ হুব্বালি জংচনত গৈ উপস্থিত হ’ব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।