• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈবাহিক ধৰ্ষণক অপৰাধ বুলি কোৱাটো অলপ বেছি কঠোৰ হ’ব: উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2024 10:14 am
উচ্চতম ন্যায়ালয়। ফটোঃ সংগৰ্হীত।

উচ্চতম ন্যায়ালয়। ফটোঃ সংগৰ্হীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহিত মানেই পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে? যেতিয়া উচ্চতম ন্যায়ালয়ত এই প্ৰৱণটোক অপৰাধমূলক বুলি গণ্য কৰাৰ দাবী উত্থাপন কৰি যেতিয়া গোচৰ তৰা হৈছে, তেতিয়া কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰাথমিক শপতনামাত এই দাবী সংগত নহয় বুলি কৈছে। বিবাহ এক প্ৰতিষ্ঠানিক ব্যৱস্থা। ইয়াৰ মাজত ধৰ্ষণৰ বিষয়টো অন্তৰ্ভুক্ত কৰি অপৰাধ বুলি ক’লে বিষয়টো অতি কঠোৰ হৈ পৰিব।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দায়িত্ব নিজৰ কান্ধত তুলি ল’ব বিচৰা নাই। বৰঞ্চ কেন্দ্ৰৰ বক্তব্য যে সকলো ৰাজ্যৰ সৈতে আলোচনা কৰি এই ক্ষেত্ৰত সামগ্ৰিক স্থিতি লোৱাটো প্ৰয়োজনীয়।

কেন্দ্ৰই লগতে কয় যে বৈবাহিক ধৰ্ষণৰ বিষয়টো আইনী বিষয়তকৈ অধিক সামাজিক। বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা হ’ব নে নহয় সেয়াও সংসদীয় আইনৰ অধীনতো পৰে।

Apply Now

বহুতৰ মতে, কেন্দ্ৰৰ শপতনামাৰ পৰা স্পষ্ট হৈ পৰিছে যে চৰকাৰে দুয়োপক্ষক সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। শপতনামাত কোৱা হৈছে, বিয়া হোৱাৰ অৰ্থ এইটো নহয় যে মহিলাৰ সন্মতি বা ইচ্ছাৰ কোনো মূল্য নাই। কিন্তু বৈবাহিক ধৰ্ষণক বিবাহ বহিৰ্ভূত ধৰ্ষণৰ যিকোনো ঘটনাৰ পৰা পৃথকে চোৱাচিতা কৰিব লাগে।

লগতে পঢ়কঃ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি; অসমীয়াৰ বাবে স্বস্তিৰ খৱৰ!

ইয়াৰ উপৰিও এই প্ৰতিকাৰো আইনত আছে। ঘৰুৱা হিংসাৰ পৰা মহিলাক সুৰক্ষা আইন আৰু ফৌজদাৰী আইনৰ ৩৫৪, ৩৫৪এ, ৩৫৪বি ৪৯৮এ ধাৰাত কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰই এই শপতনামা প্ৰস্তুত কৰিছে। ২০২২ চনৰ বৈবাহিক ধৰ্ষণৰ প্ৰতিবেদনত মহিলা আয়োগে কয় যে এগৰাকী অবিবাহিত মহিলাক বিবাহিত মহিলাৰ সৈতে সমান ব্যৱহাৰ কৰিব নোৱাৰি। দ্বিতীয়তে, প্ৰতিকাৰৰ বিকল্প ব্যৱস্থা আছে আৰু তৃতীয়তে, কঠোৰ ব্যৱস্থাই মহিলাগৰাকী আৰু তেওঁৰ সন্তানৰ ওপৰত নেতিবাচক অৰ্থনৈতিক প্ৰভাৱ পেলাব পাৰে।

বৈবাহিক ধৰ্ষণৰ আইন প্ৰণয়নৰ দৰে বিতৰ্কিত বিষয়ত কেন্দ্ৰীয় চৰকাৰে মৌনতা অৱলম্বন কৰাত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। বৈবাহিক ধৰ্ষণৰ অভিযোগত স্বামীক দিয়া ৰেহাইৰ আইনী বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি আছে। কোৱা হৈছে যে যদি কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত কোনো স্থিতি গ্ৰহণ নকৰে, তেন্তে আদালতে আইনী দৃষ্টিকোণৰ পৰা বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’ব। বৈবাহিক ধৰ্ষণৰ বাবে স্বামীক ৰেহাই দিয়াৰ বিৰুদ্ধে এলানি আবেদন দাখিল কৰা হৈছিল। সেইবোৰ গ্ৰহণ কৰিয়েই উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি।

লগতে পঢ়কঃ ১৫ অক্টোবৰৰ পৰা বেংকৰ গ্ৰাহকৰ বাবে নতুন নিয়ম; জানি লওক কি সলনি কৰিছে আৰ বি আইয়ে

বৰ্তমানৰ আইনী কাঠামোৰ অধীনত যিসকল স্বামীয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে পত্নীক জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰা হয়, তেওঁলোকক প্ৰায়ে ৰেহাই দিয়া হয়। ইয়াক প্ৰত্যাহ্বান জনাই বহু অভিযোগ আদালতত দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা চৰকাৰৰ মতামত বিচাৰিছিল। কিন্তু, যিহেতু কেন্দ্ৰই এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে, অৱশেষত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’লে যে তেওঁলোকে আইনী বৈধতাৰ বিচাৰ কৰিব।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে শেষ শুনানিত বিষয়টো শীঘ্ৰে নিষ্পত্তিৰ বাবে আবেদন জনাইছিল। তেওঁ দাবী কৰে যে এই সমস্যা শীঘ্ৰে সমাধান কৰাটো প্ৰয়োজন। তেওঁ ন্যায়িক পৰ্যালোচনাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁৰ যুক্তিৰ উত্তৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে স্বীকাৰ কৰে যে ইয়াৰ ক্ষিপ্ৰ সমাধানৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd