NORTHEAST NOW (Assamese)

ৰঙিয়াত ভূটানৰ ৰয়েল আৰ্মীৰ গাড়ীৰ খুন্দাত এজন লোক নিহত

October 11, 2018 7:44 pm ·

ৰঙিয়াত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱা লগীয়া হয়। নিহত ব্যক্তিজন কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱৰ বাসিন্দা নবীন দাস বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি নিহত দাসে কনিষ্ঠা ভাতৃৰ সৈতে মটৰচাইকেলেৰে ৰঙিয়ালৈ গৈ থকা অৱস্থাত ভাৰত-ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ ৰঙিয়া নগৰৰ বিষ্ণু মন্দিৰৰ সমীপত মটৰচাইকেলৰ পৰা পৰি যায়।

সেই সময়তে পিছত আহি থকা ভূটান ৰয়েল আৰ্মীৰ গাড়ীখনে খুন্দা মৰাত লোকজন গুৰুতৰভাৱে আহত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দাসক তাৎক্ষণিকভাৱে ৰঙিয়া সিন্ধিনাথ শৰ্মা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।

মন কৰিব লগীয়া যে ৰঙিয়াত সঘনাই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি থাকে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত যানবাহন শাখাৰ আৰক্ষীক উচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে।

Related News