পৰেশ বৰুৱাক নাগা নেশ্যনেল কাউন্সিলৰ তীব্ৰ সমালোচনা

Paresh-Asom-1140x570

পৰেশ অসম (বৰুৱা)। ফটো: ডিএনএ ইণ্ডিয়া ডটকমৰ সৌজন্যত

নাগা নেশ্যনেল কাউন্সিলৰ (এন এন চি)কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে শনিবাৰে এ জেদ ফিজোক দোষাৰোপ কৰাৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক তীব্ৰ সমালোচনা কৰিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক পৰেশ বৰুৱাই দিয়া সাক্ষাৎকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন এন চিয়ে এইদৰে সমালোচনা কৰে।

এক বিবৃতিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য চালাউনিয়ে কয়,’’নাগা নেশ্যনেল কাউন্সিল আৰু ফেডাৰেল গৱৰ্ণমেন্ট অফ নাগালেণ্ড (এফ জি এন)য়ে সদায় অহিংস নীতিৰ পোষকতা কৰি আহিছে আৰু সকলো চুবুৰীয়া লোক তথা জাতিৰ সৈতে শান্তি-সম্প্ৰীতি বজাই ৰাখিছে আৰু একেদৰে আগলৈকে সেয়া অব্যাহ ৰাখিব।‘’

এই সন্দৰ্ভত চালাউনিয়ে কয়,’’অসমৰ এগৰাকী উগ্ৰপন্থী কৰ্মী পৰেশ বৰুৱাই নাগা জাতিৰ জনক ফিজোৰ বিৰুদ্ধে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ অন্ধ তথা ভিত্তিহীন অভিযোগৰ বাবে বা ক্ষুব্ধ কৰি তোলাৰ বাবে এন এন চি/এফ জি এনৰ সদ্ভাৱনা দৃষ্টিৰ পৰা তেওঁক অঁতৰাই দিয়া হ’ল।‘’

এইটো স্পষ্ট যে বৰুৱাই নাগালেণ্ডৰ পূৰ্বোত্তৰ খণ্ডত আশ্ৰয় লোৱা সত্ত্বেও এন এন চি নাইবা ফিজোৱে বৰুৱাৰ বিৰুদ্ধে এতিয়ালৈকে কোনো কথা লিখা বা উল্লেখ কৰা নাই।