• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি? কেন্দ্ৰ-এন এচ চি এন (আই এম) বৈঠকৰ অন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2019 8:15 pm
Naga settlement nscn (im) with ravi

এন এচ চি এন (আই এম) প্ৰতিনিধি দলৰ সৈতে ৰাজ্যপাল ৰৱি। ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাদশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি ঘটাৰ বাতৰি আহিছে; আৰু সূত্ৰমতে, কেন্দ্ৰ আৰু এন এচ চি এন (আই এম)ৰ বৃহস্পতিবাৰৰ বৈঠকৰ “ধনাত্মক” সামৰণি পৰিছে।

নতুন দিল্লীৰ বৈঠকখনক লৈ কোনো আনুষ্ঠানিক বিবৃতি বাতৰি লিখালৈকে জাৰি হোৱা নাই যদিও, খবৰমতে, জটিলতাৰ সৃষ্টি কৰা “নাগা সুকীয়া পতাকা আৰু সংবিধান”ক লৈ দুয়ো পক্ষই এক সমাধানসূত্ৰ বাহিৰ কৰিছে।

খবৰমতে, জটিলতা সৃষ্টিকাৰী বিষয়কেইটা সন্দৰ্ভত “চুক্তি উত্তৰ” (post solution) ধৰণৰ এক পথ খোলা ৰখা হ’ব পাৰে।

লগতে পঢ়ক– নাগা চূড়ান্ত চুক্তি এতিয়াও হোৱা নাই: কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই ইয়াক “ঐতিহাসিক মুহূৰ্ত” আৰু “সকলো নাগা আৰু সামগ্ৰিকভাৱে জাতিটোৰ বাবে বিৰাট আনন্দৰ উপলক্ষ” বুলি মন্তব্য কৰিছে।

We extend our deepest appreciation to the negotiating parties of the peace talks for making the historic breakthrough. Thank you Honourable @PMOIndia Shri @narendramodi and @AmitShah for the political will and concern for the #Naga people.

— Neiphiu Rio (@Neiphiu_Rio) October 31, 2019

“সুকীয়া পতাকা আৰু সংবিধান”ৰ বিষয়টোৱে আলোচনাৰত এন এচ চি এন (আই এম), এন এন পি জিৰ লগতে বিভিন্ন নাগা জাতীয় মঞ্চসমূহৰ মাজত একৰকম “বিভ্ৰান্তি”ৰ সৃষ্টি কৰি আহিছিল।

এন এন পি জি “সুকীয়া পতাকা আৰু সংবিধান”ৰ দাবীৰ পৰা আঁতৰি অহা বুলি চৰ্চা চলাৰ বিপৰীতে তেওঁলোকে এই “মূল বিষয়” দুটাক চুক্তিৰ পিছত সেয়া আলোচনাৰ বাবে ৰখা বুলি ইতিমধ্যে বিবৃতি জাৰি কৰিছে।

মূলতঃ ‘‘সুকীয়া পতাকা আৰু সংবিধান”ক লৈয়ে কেন্দ্ৰ আৰু আলোচনাকাৰী নাগা পক্ষ বিশেষকৈ এন এচ চি এন (আই এম)ই বিপৰীত স্থিতি প্ৰকাশ কৰি আহিছিল।

মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিয়ে “পতাকা আৰু সংবিধান”ক “বিতৰ্কিত প্ৰতীকী বিষয়”ৰূপে উল্লেখ কৰি এন এছ চি এন (আই এম)এ “বিলম্বকাৰী মনোবৃত্তি” গ্ৰহণ কৰা বুলি শেহতীয়াকৈ মন্তব্য কৰিছিল।

কিন্তু, নাগা আলোচনাৰ পাতনি মেলা এন এচ চি এন (আই এম)এ “সুকীয়া পতাকা আৰু সংবিধান”-অনুপস্থিত সমাধানক অসন্মানজনক বুলি ঘোষণা কৰিছিল।

“মূল বিষয় নাগা পতাকা আৰু সংবিধান অবিহনে যিকোনো সমাধানেই হ’ব সন্মানৰ পৰা বহু দূৰ, কাৰণ তাতে নাগা গৌৰৱ আৰু পৰিচয় গভীৰভাৱে প্ৰোথিত হৈ আছে,” এন এছ চি এন (আই এম) অধ্যক্ষ কিউ তুকু আৰু সাধাৰণ সম্পাদক থুইগালেং মুইভাই এই বছৰৰ আগষ্টত প্ৰধান মন্ত্ৰী মোদীলৈ লিখা পত্ৰৰ উদ্ধৃতি।

নাগালেণ্ডৰ ৰাজ্যপালৰূপে দায়িত্ব লোৱাৰ পিছতে যোৱা আগষ্টত ৰৱিয়ে তিনিমাহৰ ভিতৰত চূড়ান্ত চুক্তি সম্পাদন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ৰৱিয়ে লগতে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনি মাহৰ ভিতৰতে আলোচনাটোৰ সামৰণি মাৰিব খুজিছে।

সত্তৰ বছৰীয়া বিষয়টো সমাধানৰ বাবে এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই আহিছে।

সাৰ্বভৌম নাগাভূমিৰ বাবে যুঁজা এন এছ চি এন (আই এম)এ ভাৰতীয় ফেদাৰে’চনৰ ভিতৰতে বিশেষ মৰ্য্যাদাৰে থকাৰ এক বন্দৱস্তিত ভাৰত চৰকাৰৰ সৈতে সন্মত হোৱাৰ পিছত এখন ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট স্বাক্ষৰিত হৈছিল।

২০১৭ চনৰ ১৭ নৱেম্বৰত এন এন পি জি আৰু কেন্দ্ৰ আলোচনাৰ পৰিসীমাক লৈ সহমতত উপনীত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd