ইতিহাস ৰচনা কৰি নাগালেণ্ডৰ বিধান সভাত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে দুই মহিলাই

১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হোৱাৰ পিছৰে পৰা আজিলৈকে নাগালেণ্ড বিধান সভাত জয় লাভ কৰা নাছিল কোনো মহিলা প্ৰাৰ্থীয়ে।

কিন্তু এইবাৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে নাগালেণ্ডৰ দুগৰাকী মহিলাই। আজি ঘোষণা কৰা নাগালেণ্ড বিধান সভাৰ নিৰ্বাচনত দুগৰাকী মহিলা প্ৰতিনিধিয়ে ইতিমধ্যে জয় লাভ কৰিছে।

নাগালেণ্ডত এনডিপিপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা মহিলা প্ৰাৰ্থী হোৱা দুগৰাকী হৈছে হেকানি জাখালু আৰু ছালহাউটুনুও ক্ৰুছ।

হেকানি জাখালুৱে তৃতীয় ডিমাপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পশ্চিম আংগামী সমষ্টিৰ পৰা জয়লাভ কৰিছে ছালহাউটুনুও ক্ৰুছে।

দুয়োগৰাকী মহিলা নেত্ৰী হ’ব নাগালেণ্ডৰ ৰাজনীতিৰ ইতিহাসৰ প্ৰথম মহিলা বিধায়ক।

হেকানী জাখালু হৈছে নাগালেণ্ডৰ এগৰাকী অধিবক্তা আৰু সমাজকৰ্মী। নাগালেণ্ডৰ যুৱকযুৱতীসকলে ব্যৱসায়িক সুযোগ লাভ কৰাত সহায়ক হোৱাকৈ ‘ইউথনেট নাগালেণ্ড’ নামৰ এটা এন জি অ’ প্ৰতিষ্ঠা কৰিছিল হেকানী জাখালুৱে।

২০১৮ চনত ‘নাৰী শক্তি পুৰস্কাৰ’ স্বীকৃতি লাভ কৰিছিল জাখালুৱে। হেকানী জখালুৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। তেওঁ বেংগালুৰুৰ বিচপ কটন গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰি দিল্লীৰ লেডী শ্ৰী ৰাম কলেজত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয়ত আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে হেকানী জাখালুৱে।

আনহাতে, ছালহাউটুনুও ক্ৰুজৰ ঘৰ নাগালেণ্ডৰ খোনোমাত। খোনোমা হৈছে এছিয়াৰ আটাইতকৈ সেউজীয়া গাঁও। ক্ৰুজ হৈছে নাগালেণ্ডৰ এখন হোটেলৰ স্বত্বাধিকাৰ।

এতিয়া এই দুই মহিলাই নাগালেণ্ডত ইতিহাস ৰচনা কৰি নতুন দিশৰ সূচনা কৰিবলৈ সক্ষম হোৱা বাতৰিয়ে এক ইতিবাচক ঢৌ কঢ়িয়াই আনিছে।