DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ইতিহাস ৰচনা কৰি নাগালেণ্ডৰ বিধান সভাত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে দুই মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 3:41 pm
99
VIEWS
Share on FacebookShare on Twitter

১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হোৱাৰ পিছৰে পৰা আজিলৈকে নাগালেণ্ড বিধান সভাত জয় লাভ কৰা নাছিল কোনো মহিলা প্ৰাৰ্থীয়ে।

কিন্তু এইবাৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে নাগালেণ্ডৰ দুগৰাকী মহিলাই। আজি ঘোষণা কৰা নাগালেণ্ড বিধান সভাৰ নিৰ্বাচনত দুগৰাকী মহিলা প্ৰতিনিধিয়ে ইতিমধ্যে জয় লাভ কৰিছে।

নাগালেণ্ডত এনডিপিপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা মহিলা প্ৰাৰ্থী হোৱা দুগৰাকী হৈছে – হেকানি জাখালু আৰু ছালহাউটুনুও ক্ৰুছ।

হেকানি জাখালুৱে তৃতীয় ডিমাপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পশ্চিম আংগামী সমষ্টিৰ পৰা জয়লাভ কৰিছে ছালহাউটুনুও ক্ৰুছে।

দুয়োগৰাকী মহিলা নেত্ৰী হ’ব নাগালেণ্ডৰ ৰাজনীতিৰ ইতিহাসৰ প্ৰথম মহিলা বিধায়ক।

হেকানী জাখালু হৈছে নাগালেণ্ডৰ এগৰাকী অধিবক্তা আৰু সমাজকৰ্মী। নাগালেণ্ডৰ যুৱক–যুৱতীসকলে ব্যৱসায়িক সুযোগ লাভ কৰাত সহায়ক হোৱাকৈ ‘ইউথনেট নাগালেণ্ড’ নামৰ এটা এন জি অ’ প্ৰতিষ্ঠা কৰিছিল হেকানী জাখালুৱে।

২০১৮ চনত ‘নাৰী শক্তি পুৰস্কাৰ’ স্বীকৃতি লাভ কৰিছিল জাখালুৱে। হেকানী জখালুৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। তেওঁ বেংগালুৰুৰ বিচপ কটন গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰি দিল্লীৰ লেডী শ্ৰী ৰাম কলেজত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয়ত আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে হেকানী জাখালুৱে।

আনহাতে, ছালহাউটুনুও ক্ৰুজৰ ঘৰ নাগালেণ্ডৰ খোনোমাত। খোনোমা হৈছে এছিয়াৰ আটাইতকৈ সেউজীয়া গাঁও। ক্ৰুজ হৈছে নাগালেণ্ডৰ এখন হোটেলৰ স্বত্বাধিকাৰ।

এতিয়া এই দুই মহিলাই নাগালেণ্ডত ইতিহাস ৰচনা কৰি নতুন দিশৰ সূচনা কৰিবলৈ সক্ষম হোৱা বাতৰিয়ে এক ইতিবাচক ঢৌ কঢ়িয়াই আনিছে।

Recent News

Rahul Gandhi At Cambridge

ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

Kejriwal Supports Rahul Gandhi

কংগ্ৰেছৰ প্ৰতি সদয় কেজৰিৱাল! ৰাহুল গান্ধীলৈ মুকলি সমৰ্থন

Rahul Gandhi

প্ৰসঙ্গ: ৰাহুল গান্ধীৰ কাৰাদণ্ড! বিৰোধী দলৰ বৈঠকৰ আহ্বান কংগ্ৰেছৰ

Lovlina Borgohain

অপ্ৰতিৰোধ্য লাভলিনা: বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণৰ দিশত আৰু মাথোন এখোজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd