সাহস! : জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ ল’লে নাগালেণ্ড বিজেপিয়ে

Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় জনতা পাৰ্টিৰ নাগালেণ্ড ৰাজ্যিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা  সিদ্ধান্ত সমৰ্থন জনাইছে। নাগালেণ্ড ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকে শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

জানিব পৰা মতে, শনিবাৰে নাগালেণ্ড বিজেপিৰ বিষয়ববীয়াসকলৰ এখন সভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰি এই সিদ্ধান্ত লোৱা হয়।

নাগালেণ্ড বিজেপিৰ সাধাৰণ সম্পাদক জাংছিলুঙ গনমেই প্ৰেছ বিবৃতিটোৰ জৰিয়তে সদৰী কৰে যে দলে শীঘ্ৰেই তেওঁলোকৰ এই প্ৰস্তাৱৰ কথা দলীয় নেতা তথা বিধায়কৰে গঠিত এটা প্ৰতিনিধি দলৰ জৰিয়তে দিল্লীত কেন্দ্ৰীয় নেতৃত্বক জনাব।

আনহাতে, বিবৃতিটোত কোৱা হৈছে যে সোনকালেই এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে বিজেপিৰ ৰাজ্যিক সমিতিৰ সভাপতি আৰু জিলা সভাপতিসকলক এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ দিছে।

তদুপৰি, ৰাজ্যিক সমিতিয়ে লগতে সকলো গোট, কোষ তথা সমিতিকে ধৰি জিলা, মণ্ডল আৰু বুথ পৰ্যায়লৈকে বিষয়ববীয়াসকলৰ শেহতীয়া তথ্য জনাবলৈ নিৰ্দেশ দিছে।

প্ৰেছ বিবৃতিটোত লগতে কোৱা হৈছে যে ৰাজ্যিক সমিতিয়ে বিচৰাধৰণে সকলো তথ্য পাতি আগন্তুক দুই সপ্তাহৰ ভিতৰত জমা দিয়াটো নিশ্চিত কৰিবলৈ জিলা সভাপতিসকলক নিৰ্দেশ দিয়া হৈছে।