NORTHEAST NOW (Assamese)

সমাজক উপকৃত কৰিবলৈ ছাত্ৰ সমাজলৈ আহ্বান নাগালেণ্ডৰ ৰাজ্যপালৰ

August 23, 2018 7:09 pm · ভদ্ৰ গগৈ

নাগালেণ্ডৰ ৰাজ্যপাল পিবি আচাৰ্যই আজি ৰাজ্যখনৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন শেষ কৰি নিজৰ ৰাজ্যলৈ উভতি আহি তেওঁলোকৰ গাঁও, চহৰৰ বাবে কাম কৰি সমাজক উপকৃত কৰাৰ বাবে আহ্বান জনাইছে।

কৰ্ণাটকৰ এনআইটিটিই বিশ্ববিদ্যালয়, মাংগালোৰত অধ্যয়নৰত নাগা ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি আচাৰ্যই এইদৰে আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে লগতে নাগা ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় ভাষা শিকি সাংস্কৃতিক বিনিময় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়। নাগালেণ্ডৰ ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু বিভাগীয় মুৰব্বীসকলো সাক্ষাৎ কৰে।

উল্লেখ্য যে এনআইটিটিই বিশ্ববিদ্যালয়, মাংগালোৰে নাগালেণ্ডৰ ৰাজপালগৰাকীৰ বিশেষ উদ্যোগত কেইবছৰ মানৰ পৰা নাগালেণ্ডৰ  ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন পাঠ্যক্ৰমৰ বাবে আসনৰ ব্যৱস্থা কৰি আহিছে।

উল্লেখ্য যে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশ্ববিদ্যালয়খনে শিক্ষাদান মাছুল আৰু ছাত্ৰাৱাস-ছাত্ৰীৱাসৰ মাছুল ৰেহাই দিছে।

Related News