• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কদৰ্যময় নগাঁৱক দেশৰ পৰিষ্কাৰ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ অপচেষ্টা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

মিণ্টু দাস by মিণ্টু দাস
August 23, 2018 7:33 pm
PHED
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰত য’তে ত’তে পৰি থকা জাৱৰৰ দ’ম, নলা- নৰ্দমা নিৰ্মাণ নকৰাৰ বাবে এজাক বৰষুণতে সৃষ্ট কৃত্ৰিম বান, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু চহৰখনৰ লগতে জিলাখনত অনাময় ব্যৱস্থাৰ কদৰ্য ৰূপ অপৰিবৰ্তিত হৈ থকাৰ পিছতো জনস্বাস্থ্য কাৰিকৰী বিভাগে বিতৰণ কৰা এখন প্ৰচাৰ পত্ৰই সকলোৰে চকু কঁ‌পালত তুলিছে৷

নগাঁও চহৰৰ লগতে জিলাখনক দেশৰ ১০খন পৰিষ্কাৰ জিলাৰ মাজত স্থান লাভ কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনাই ভোট প্ৰদান কৰিবলৈ নগাঁও জিলাবাসীক এক প্ৰচাৰ পত্ৰ যোগে জনস্বাস্থ্য কাৰিকৰী বিভাগে অনুৰোধ জনাইছে।

Apply Now

নগাঁও জিলাক ভাৰতৰ ১০খন জিলাৰ মাজত স্থান লাভৰ বাবে অহা ২৮ আগষ্টৰ ভিতৰত ভোট দিবলৈ আহ্বান জনাইছে জিলা পানী আৰু অনাময় সমিতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে।

একমাত্ৰ স্বচ্ছতাৰ ক্ষেত্ৰত উচ্চস্থান লাভ কৰিবলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগে এইদৰে ধন খৰচ কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰাৰ লগতে বিভাগটোক সকলোৰে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।

জিলাখনত অনাময় আঁচনিৰ লগতে বিশুদ্ধ খোৱা পানী যোগান আঁচনি সফল কৰি তুলিবৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে একমাত্ৰ নিজৰ পকেট গৰম কৰিবলৈকে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ অভিযন্তা, ঠিকাদাৰে এই আঁচনিসমূহ বিফল কৰি তুলিলে।

আনহাতে, নগাঁও চহৰখন পৰিষ্কাৰ পৰিছন্ন কৰি তোলাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে নগাঁও পৌৰসভা ৷ নগাঁও চহৰৰ ২৬ মহলাৰে গঠিত নগাঁও পৌৰসভাক চহৰবাসীয়ে নিয়মিতভাবে কৰ-কাটল দি আহিছে যদিও আছে গৰু নাবায় হালৰ দৰে হৈছে পৌৰসভা ৷ চহৰখনৰ পানীগাঁও, কেলটেক্স, নতুন বজাৰ, কৃষ্ণাহল চাৰিআলি, মাৰোৱাৰীপট্টি, বৰবজাৰ, ঢাকাইপট্টি, হয়বৰগাঁও, তেলিয়াপট্টিকে, আই টি আই বজাৰতে ধৰি বিভিন্ন অঞ্চল জাৱৰ, পেলনীয়া সামগ্ৰীৰে ভৰি আছে যদিও সেই বিলাকলৈ চকু নাই নগাঁও পৌৰসভাৰ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে বিগত বৰ্ষত ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ জৰীপ অনুযায়ী নগাঁও চহৰে উত্তৰ-পূব মণ্ডলৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰৰ সন্মান লাভ কৰিছিল। কিন্তু সেই নগাঁও চহৰতে থকা কোটিটকীয়া জাৱৰ নিস্কাষণ যন্ত্ৰ আজিও অব্যৱহৃত হৈ আছে।

নগাঁও চহৰক পৰিষ্কাৰ কৰি তোলাৰ বিপৰীতে এখন ভুৱা ছবি তুলি ধৰি ভোটৰ জৰিয়তে স্থান লাভৰ বাবেহে উঠিপৰি লাগিছে জনস্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন। ইয়াক লৈ ছচিয়েল মিডিয়াটো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে বিভাগ কেইটা আৰু জিলা প্ৰশাসন।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd