নগাঁও চহৰত য’তে ত’তে পৰি থকা জাৱৰৰ দ’ম, নলা- নৰ্দমা নিৰ্মাণ নকৰাৰ বাবে এজাক বৰষুণতে সৃষ্ট কৃত্ৰিম বান, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু চহৰখনৰ লগতে জিলাখনত অনাময় ব্যৱস্থাৰ কদৰ্য ৰূপ অপৰিবৰ্তিত হৈ থকাৰ পিছতো জনস্বাস্থ্য কাৰিকৰী বিভাগে বিতৰণ কৰা এখন প্ৰচাৰ পত্ৰই সকলোৰে চকু কঁপালত তুলিছে৷
নগাঁও চহৰৰ লগতে জিলাখনক দেশৰ ১০খন পৰিষ্কাৰ জিলাৰ মাজত স্থান লাভ কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনাই ভোট প্ৰদান কৰিবলৈ নগাঁও জিলাবাসীক এক প্ৰচাৰ পত্ৰ যোগে জনস্বাস্থ্য কাৰিকৰী বিভাগে অনুৰোধ জনাইছে।
নগাঁও জিলাক ভাৰতৰ ১০খন জিলাৰ মাজত স্থান লাভৰ বাবে অহা ২৮ আগষ্টৰ ভিতৰত ভোট দিবলৈ আহ্বান জনাইছে জিলা পানী আৰু অনাময় সমিতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে।
একমাত্ৰ স্বচ্ছতাৰ ক্ষেত্ৰত উচ্চস্থান লাভ কৰিবলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগে এইদৰে ধন খৰচ কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰাৰ লগতে বিভাগটোক সকলোৰে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।
জিলাখনত অনাময় আঁচনিৰ লগতে বিশুদ্ধ খোৱা পানী যোগান আঁচনি সফল কৰি তুলিবৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে একমাত্ৰ নিজৰ পকেট গৰম কৰিবলৈকে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ অভিযন্তা, ঠিকাদাৰে এই আঁচনিসমূহ বিফল কৰি তুলিলে।
আনহাতে, নগাঁও চহৰখন পৰিষ্কাৰ পৰিছন্ন কৰি তোলাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে নগাঁও পৌৰসভা ৷ নগাঁও চহৰৰ ২৬ মহলাৰে গঠিত নগাঁও পৌৰসভাক চহৰবাসীয়ে নিয়মিতভাবে কৰ-কাটল দি আহিছে যদিও আছে গৰু নাবায় হালৰ দৰে হৈছে পৌৰসভা ৷ চহৰখনৰ পানীগাঁও, কেলটেক্স, নতুন বজাৰ, কৃষ্ণাহল চাৰিআলি, মাৰোৱাৰীপট্টি, বৰবজাৰ, ঢাকাইপট্টি, হয়বৰগাঁও, তেলিয়াপট্টিকে, আই টি আই বজাৰতে ধৰি বিভিন্ন অঞ্চল জাৱৰ, পেলনীয়া সামগ্ৰীৰে ভৰি আছে যদিও সেই বিলাকলৈ চকু নাই নগাঁও পৌৰসভাৰ।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে বিগত বৰ্ষত ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ জৰীপ অনুযায়ী নগাঁও চহৰে উত্তৰ-পূব মণ্ডলৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰৰ সন্মান লাভ কৰিছিল। কিন্তু সেই নগাঁও চহৰতে থকা কোটিটকীয়া জাৱৰ নিস্কাষণ যন্ত্ৰ আজিও অব্যৱহৃত হৈ আছে।
নগাঁও চহৰক পৰিষ্কাৰ কৰি তোলাৰ বিপৰীতে এখন ভুৱা ছবি তুলি ধৰি ভোটৰ জৰিয়তে স্থান লাভৰ বাবেহে উঠিপৰি লাগিছে জনস্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন। ইয়াক লৈ ছচিয়েল মিডিয়াটো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে বিভাগ কেইটা আৰু জিলা প্ৰশাসন।