অসম চৰকাৰৰ চাকৰি কৰি বহুবিবাহত জড়িত হ’লে এইবাৰ চাকৰি হেৰুৱাব লাগিব কৰ্মচাৰীয়ে। কেৱল চাকৰিৰ পৰাই নহয়, ভৱিষ্যতে অসম চৰকাৰৰ আন কোনো চাকৰিৰ বাবেও আবেদন কৰিব নোৱাৰিব। বহুবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অসম চৰকাৰে আনিছে এই নতুন নিয়ম।
মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হয়। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব এই নিয়ম।
এই নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে ১৯৬৪ চনৰ অসম সেৱা (অনুশাসন আৰু আপীল) বিধি সংশোধন কৰা হ’ব। ইয়াৰ সপ্তম বিধিত নতুন ৬ নম্বৰ উপবিধি সংযোজন কৰি বহুবিবাহত জড়িত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, কোনো চৰকাৰী কৰ্মচাৰী বহুবিবাহত জড়িত হ’লে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। ইয়াৰ উপৰি ভৱিষ্যতে অসম চৰকাৰৰ কোনো পদতে নিযুক্তি লাভৰ যোগ্যতা নাথাকিব তেওঁৰ। চৰকাৰী সেৱাৰ নিয়মত এয়া এক ঐতিহাসিক পৰিৱৰ্তন বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে।
নতুন নিয়মৰ ক্ষেত্ৰত কোনো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে বিশেষ ৰেহাই ৰখা হোৱা নাই। হিন্দু, মুছলমান, খ্ৰীষ্টানকে ধৰি সকলো ধৰ্মৰ চৰকাৰী কৰ্মচাৰীৰ বাবেই একেই নিয়ম প্ৰযোজ্য হ’ব। অভিন্ন দেৱানী বিধিৰ যুক্তিৰে এই সিদ্ধান্তৰ ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে অসমত অভিন্ন দেৱানী বিধি এতিয়াও আনুষ্ঠানিকভাৱে বলৱৎ হোৱা নাই। বিগত মে’ মাহত অসম বিধানসভাত এই বিধেয়ক গৃহীত হৈছিল যদিও এতিয়াও ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা নাই।
আনহাতে, অক্টোবৰ মাহৰ শেষৰফালে বিধিখনৰ নিয়মাৱলী প্ৰস্তুত কৰাৰ বাবেও এখন সমিতি গঠন কৰা হৈছে। এনে পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীৰ বাবে পৃথক সেৱা বিধিৰ জৰিয়তে বহুবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ।
ইফালে, মঙলবাৰৰ কেবিনেট বৈঠকত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। যোৱা জুলাই মাহত শিৱসাগৰ আৰু চৰাইদেউ জিলাত হোৱা বিধ্বংসী বানৰ কাৰণ সন্দৰ্ভত চিবিআই তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা দহ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰি চিবিআই তদন্তৰ বাবে অনুৰোধ জনোৱা হ’ব।
অৱশ্যে এই তদন্তৰ দায়িত্ব চিবিআইয়ে গ্ৰহণ কৰিব নে নকৰে, সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল’ব। বানৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ অনাই এই তদন্তৰ উদ্দেশ্য বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।


