• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালক লাজত পেলাই অসমৰ সমস্যাক লৈ উদ্বেগ প্রকাশ কৰিলে নাগালেণ্ডৰ শাসক দলে

‘’আমি উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ লগত আছো। ইয়াৰ খিলঞ্জীয়া মানুহৰ অধিকাৰসমূহ সুৰক্ষিত হ’ব লাগে", এন ডি পি পিৰ সভাপতি চিংৱাং কন্যাক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 29, 2019 8:15 pm
Chingwang Konyak

এন ডি পি পিৰ সভাপতি চিংৱাং কন্যাক। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কে অসমৰ মানুহৰ বাবে আনিব পৰা অস্তিত্বৰ সংকটক লৈ নিজৰ দুশ্চিন্তা প্ৰকাশ কৰিলে নাগালেণ্ডৰ শাসক দল এন ডি পি পি (নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি)-এ। কথাটোৱে বিধেয়কখনৰ সপক্ষে অটল স্থিতিত থকা অসমৰ মুখ্য মন্ত্ৰী সোণোৱালৰ বাবে এক প্ৰকাৰৰ লজ্জাবোধৰ সৃষ্টি কৰিছে।

ভাৰতৰ সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত বিশেষ সুৰক্ষা কবচ থকা নিজৰ ৰাজ্যৰ বাবে এই বিধেয়ক ভাবুকি হ’ব নোৱাৰে বুলি স্বীকাৰ কৰিও চুবুৰীয়া ৰাজ্যকেইখনৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি তেওঁলোক উদাসীন নহয় বুলি জানিবলৈ দিয়ে।

বিধেয়কখনৰ বিৰোধিতাত আজি গুৱাহাটীত লগ লগা উত্তৰ-পূবৰ ১১টা ৰাজনৈতিক সংগঠনৰ ভিতৰত নাগালেণ্ডৰ শাসক দল এন ডি পি পিও আছিল। দলটোৰ সভাপতি চিংৱাং কন্যাকে নৰ্থ-ইষ্ট নাওৰ সৈতে কথাবতৰাত অসমৰ লগতে ত্ৰিপুৰাৰ সাম্প্ৰতিক ছবিখনক লৈও নিজৰ উদ্বিগ্নতা দাঙি ধৰে।

‘’আমি উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ লগত আছো। ইয়াৰ খিলঞ্জীয়া মানুহৰ অধিকাৰসমূহ সুৰক্ষিত হ’ব লাগে’’, এজন প্ৰকৃত সুহৃদৰ দৰে কন্যাকে কয়।

‘’ত্ৰিপুৰা এখন জনজাতিপ্ৰধান ৰাজ্য আছিল। কিন্তু আজি ত্ৰিপুৰাৰ অৱস্থা কি? অসমৰ খিলঞ্জীয়া মানুহৰ সমস্যাও একেদৰে চিন্তনীয় বিষয়’’, নৰ্থ-ইষ্ট নাওৰ আগত এন ডি পি পিৰ সভাপতিজনৰ মত।

অসমৰ থলুৱা মানুহে নিজৰ অধিকাৰ আৰু সুৰক্ষাক লৈ কৰা আন্দোলনক পূৰ্ণ সমৰ্থন কৰে বুলিও কন্যাকে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কখনৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পৰা ৰাজ্যকেইখন হ’ল অসম আৰু ত্ৰিপুৰা। অসমীয়া মানুহে নিজৰ অস্তিত্ব বিপন্ন ভাবি বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ আৰু ধাৰাবাহিক প্ৰতিবাদ কৰি আছে যদিও মুখ্য মন্ত্ৰী সোণোৱাল নিৰ্বিকাৰ হৈয়ে আছে।

ৰাইজ, দল-সংগঠনৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে আওকাণ কৰি ৰাজপথৰ আন্দোলনৰ পৰা ৰাজনীতিলৈ গৈ মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে কেৱল গাদী ধৰি ৰখাৰ স্বাৰ্থত দিল্লীৰ নেতৃত্বই নিৰ্ধাৰণ কৰি দিয়া স্থিতিৰে বিধেয়কখনৰ পক্ষত অটল হৈ আছে।

ইপিনে একাংশ দল-সংগঠনে বিধেয়কখনৰ ‘অপব্যাখ্যা’ কৰা বুলিহে দাবী কৰে মুখ্য মন্ত্ৰীজনে। হোৱাই-নোহোৱাই বিধেয়কখনৰ সপক্ষে কেতবোৰ বিভ্ৰান্তিকৰ মন্তব্যও দাঙি ধৰা দেখা গৈছে তেওঁক।

মন কৰিব লগীয়া যে নাগালেণ্ডৰ উপৰি ভাৰতৰ সংবিধানৰ অধীনত মিজোৰাম, মণিপুৰ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যই লাভ কৰি আছে খিলঞ্জীয়াক সুৰক্ষিত কৰি ৰখাৰ কেতবোৰ বিশেষ ক্ষমতা। যাৰ বাবে এই ৰাজ্যকেইখনক নাগৰিকত্ব সংশোধনী বিধেয়কে বিশেষ সমস্যাত নেপেলাব। কিন্তু গোটেই উত্তৰ-পূবৰ ভিতৰত কোনো বিশেষ সুৰক্ষা কৱচ নাই অসমৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd