নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ‘চিত্রকৃৎ বঁটা’ প্ৰদান

Rajiv Das

নগাঁৱৰ উদীয়মান চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ত্ৰিপুৰাৰ এক আগশাৰীৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান সংগীত নৃত্য ছ’চাইটিয়ে ‘চিত্ৰকৃৎ ব‌ঁ‌টা’ আগবঢ়াইছে। অলপতে আগৰতলাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগীত নৃত্য ছ’চাইটিয়ে তেওঁক এই বঁটা প্ৰদান কৰে।

‘চিত্ৰকৃৎ বঁটা’ প্ৰাপক ৰাজীৱ দাস নগাঁও চহৰৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য অনুষ্ঠান আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হোৱাৰ উপৰি দীৰ্ঘদিন ধৰি তেওঁ চিত্ৰকলাৰ লগত জড়িত হৈ আছে। নগাঁও চহৰৰ পানীগাঁও কালিবাৰী নেতাজী ৰোড নিৱাসী দাসৰ এই কৃতিত্বই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই বঁটাত আছে মানপত্র, উত্তৰীয়, ফুলৰ থোপা আদি বিভিন্ন উপহাৰ। বাংলাদেশৰ বিশিষ্ট সমাজসেৱী ড০ উষ্মে আছমা খাতুন, ত্ৰিপুৰা চৰকাৰৰ চিফ হুইপ কল্যাণী ৰয়, দীপক মজুমদাৰ, বিশিষ্ট সংগীত শিল্পী শিবানী গোস্বামীকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দাসক এই সন্মান প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ৰাজীৱ দাসে নন্দশ্ৰী বটা, ড০ বি আৰ আম্বেদকাৰ বঁ‌টা, ভাৰত চৰকাৰৰ যুৱ বঁ‌টা, ৰাষ্ট্ৰীয় শিখৰ বঁটা আদিকে ধৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।