NORTHEAST NOW (Assamese)

নাবালক হত্যাত অভিযুক্ত দুজনক নগাঁও আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

December 16, 2018 7:38 am · মিণ্টু দাস

এক হত্যাৰ গোচৰত অভিযুক্ত দুই অপৰাধীক নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ(১ নং) আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বকুলগুৰি নলাৰপাৰ নিবাসী শিক্ষক ইলিয়াছ আলীৰ দ্বিতীয় পুত্ৰ আনোৱাৰ হুছেইন (১৪) নামৰ নৱম শ্ৰেণীৰ ছাত্ৰ জনক ২০১৭ চনৰ ২৭ জুনৰ সন্ধ্যা ঘৰৰ পদূলিমুখৰ পৰা মাতি নি একেখন গাঁৱৰে ছাইফুল ইছলাম আৰু খাইৰুল ইছলাম নামৰ দুই দুৰ্বৃত্ত‌ই অপহৰণ কৰি নিছিল।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি  একেদিনাই নিশা ঘৰৰ পৰা কিছু  নিলগত থকা এখন তামোল বাৰীত আনোৱাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰিছিল।দুৰ্বৃত্ত দুটাই আনোৱাৰক ডেঙি চেপি হত্যা কৰিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত ৰুজু কৰা ১৬৯/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ(১ নং)ৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত  শুকুৰবাৰে হত্যাকাৰী দুজনক  ভাৰতীয় দণ্ড বিধিৰ ৩০২ আৰু ৩৪ ধাৰাত অভিযুক্ত দুজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

ফৈৰাদী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে চৰকাৰী বিশেষ লোক অধিবক্তা (public proceecutor) বিভা ফুকনে।

Related News