নগাঁৱত পঞ্চায়তৰ ভোট গণনা সম্পৰ্কত উপায়ুক্তৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে বৈঠক

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ লগত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।
নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সভাপতিত্ব কৰা বৈঠকত উপায়ুক্তগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলাখনত সুচাৰুৰূপে হৈ যোৱাৰ বাবে সকলোকে ধন্যবাদ জনায়। তাৰোপৰি বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত মানিব লগীয়া বিভিন্ন দিশ আলোচনা কৰে।
আজিৰ বৈঠকত জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া উপস্থিত থাকে।
আনহাতে পঞ্চায়ত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে তেওঁলোকৰ পঞ্চায়ত নিৰ্বাচনৰ ব্যয় সম্পৰ্কীয় তথ্যসমূহ নিৰ্দিষ্ট কোষত অহা ১০ ডিচেম্বৰৰ ভিতৰত জমা দিবলৈ আহ্বান জনাইছে।