NORTHEAST NOW (Assamese)

মুকলিত মল ত্যাগ মুক্ত জিলা হিচাপে চিহ্নিত নগাঁও : উপায়ুক্ত বিশ্বজিৎ পেগু

September 30, 2018 7:11 am · মিণ্টু দাস
নগাঁবৰ উপাযুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে দেশৰ ৰাজধানী  দিল্লীৰ ৰাজঘাটত  কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশতে প্ৰযোজ্য হোৱাকৈ ‘অনাময়’ নামেৰে এখন অভিলাসী আঁ‌চনি মুকলি কৰিছিল। সমগ্ৰ ৰাষ্ট্ৰৰ লগতে নগাঁও জিলাতো এই আঁচনিৰ জৰিয়তে মুকলি ঠাইত মল ত্যাগ কৰাৰ দৰে বদ অভ্যাস দূৰীকৰণৰ বিভিন্ন সজাগতা অভিযান চলোৱাৰ লগতে অনাময় শৌচালয় নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছিল।

নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত নগাঁও জিলা স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ মিচনৰ অধীনত শনিবাৰে এক সংবাদমেল অনুষ্ঠিত হয়। সমগ্ৰ নগাঁও জিলাখনক  মুকলি মল ত্যাগ মুক্ত জিলা হিচাপে ঘোষণা কৰাৰ উদ্দেশ্যে আয়োজিত সংবাদমেলখনত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ২০১২ চনৰ সমীক্ষা মতে নগাঁও জিলাত ১,৬৫,২৭৯ পৰিয়ালৰ কোনো ধৰণৰ শৌচালয় ব্যৱস্থা নাছিল।

উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে তাৰ পৰবৰ্তী সময়ত কৰা এক ক্ষেত্ৰভিত্তিক অধ্যয়নত  ইয়াৰে ১,৩৮,৯৮০ প্ৰকৃত হিতাধিকাৰিক চিনাক্ত কৰি তেওঁলোকক অনাময় আচঁনিৰ শৌচালয়ৰ নিৰ্মাণ কাম এই আঁ‌চনিৰ  জৰিয়তে সম্পূৰ্ণ কৰা হয়।

কিন্তু তাৰ পাছতো অতিৰিক্ত ২৬০০০ ৰৰো অধিক পৰিয়ালৰ ৰৈ গৈছিল। পৰৱৰ্তী সময়ত সেই ৰৈ যোৱা পৰিয়াল সমূহৰ বাবে শৌচালয়  নিৰ্মাণ কৰাৰ লক্ষ্য স্থিৰ কৰা হয়। সেই লক্ষ্যও প্ৰায় সম্পূৰ্ণ হৈছে বুলি বিভাগীয় বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত নগাঁও জিলা উপায়ুক্তই প্ৰকাশ কৰে।

অহা দুই অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা এই আঁ‌চনিখনৰ সামৰণি পৰিব।  কিন্তু দুৰ্ভাগ্যজনক কথা এই আঁ‌চনিখনৰ জৰিয়তে নিৰ্মাণ কৰা বহু হাজাৰ শৌচালয়ৰ এতিয়া কোনো অস্তিত্ব নাই বুলি জানিব পৰা গৈছে। অতি নিম্ন মানৰ কামেৰে নিৰ্মাণ কৰা হৈছিল শৌচালয়সমূহ। নিৰ্মাণত ব্যাপক হাৰত চলিছিল দুৰ্নীতি। সেই সম্পৰ্কে উপায়ুক্তগৰাকীক সাংবাদিকে অৱগত কৰাত তাৰো তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি জনাই উপায়ুক্তই।

যিখন জিলাত অধিকাংশ অনাময় শৌচালয়ৰ অস্তিত্বই নাই, এতিয়া সেইখন জিলাক কি যুক্তিৰ ভিত্তিত ‘মুকলিত মল ত্যাগ মুক্ত জিলা’ হিচাপে ঘোষণা কৰা হ’ব সেয়া সকলতকৈ ডাঙৰ প্ৰশ্ন।  নগাঁও জিলাত কাগজে কলমেহে এই আঁ‌চনিখন যে সম্পূৰ্ণ হৈছে সেই সম্পৰ্কে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিলেই সকলো পোহৰলৈ আহিব।

সংবাদ মেলত  জিলাখনত এম এচ ডি পি আচঁনিৰ জৰিয়তে স্থানত ৪১ টা ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰা কথাও উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

Related News