বিস্ফোৰণ চলাই অহা শিলৰ কুৱেৰী পৰিদৰ্শন নগাঁও বন বিষয়াৰ

নগাঁও জিলাৰ বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ ঢোল পাহাৰৰ শিলৰ মহলত যোৱা কিছুদিন ধৰি শিল ভঙাৰ নামত বেপেৰোভাবে চলাই অহা বিস্ফোৰণে অঞ্চলটোৰ ৰাইজৰ জনজীৱন ক্ষতিগ্ৰস্ত কৰি তুলিছে।

উল্লেখযোগ্য যে ২৯ মাৰ্চৰ পৰা বন্ধ থকা শিলৰ মহলটোত যোৱা সোমবাৰে বিশ্বজিৎ বনিক নামৰ শিলৰ মহলদাৰ গৰাকীয়ে বন বিভাগৰ একাংশ শীৰ্ষ মহলক মেনেজ কৰি পুনৰ বিস্ফোৰণ আৰম্ভ কৰা কাৰ্যই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

লগতে পঢ়ক ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি শিলৰ মহলত পুনৰ বিস্ফোৰণ

ফলত পৰিস্থিতি অধিক বেয়া হৈ পৰাৰ আশংকাত মঙ্গলবাৰে বিয়লি ততাতৈয়াকৈ কুৱেৰীটোত নগাঁও জিলা বন বিভাগৰ দুজকৈ সহকাৰী বন সংৰক্ষক বিষয়া উপস্থিত হৈ বিষয়টো পৰ্য্যবেক্ষণ কৰাৰ উপৰিও দুয়োপক্ষৰ লগত আলোচনাত মিলিত হয়।

ভুক্তভোগি ৰাইজে শীঘ্ৰে সংশ্লিষ্ট বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰি কুৱেৰীটো বন্ধ কৰি দিয়াৰ দাবী জনায়।

এতিয়া প্ৰশ্ন হয়, নগাঁও জিলাৰ দুজনকৈ উচ্চপদস্থ বন বিষয়াই পৰিদৰ্শন কৰি যোৱাৰ পিছত বিতৰ্কিত কুৱেৰীটো নাকি লগাব পাৰিবনে? নিয়ন্ত্ৰিত হ’বনে বিস্ফোৰণৰ প্ৰাৱল্য? ক্ষতিপূৰণ পাবনে ক্ষতিগ্ৰস্ত লোকসকলে?