NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী আৰক্ষী পদক লাভ কৰা দুই আৰক্ষী বিষয়াক সম্বৰ্ধনা জনালে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই

August 18, 2020 7:32 pm · ৰিদীপ শৰ্মা
Updated: August 18, 2020 7:35 pm

নিজৰ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিবলৈ সক্ষম হোৱা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাক আজি সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই।

আজি দুয়োগৰাকী আৰক্ষী বিষয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনালে গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে।

উল্লেখযোগ্য যে, দুয়োগৰাকী আৰক্ষী বিষয়াই নিজৰ কৰ্মদক্ষতাৰে মদ-ভাং, অবৈধ জুৱা, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বিশেষ সফলতা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় সুৰক্ষাৰ দিশতো এক গুৰুত্বপূৰ্ণ বিশেষ ভূমিকা পালন কৰি আহিছে দুয়োগৰাকী আৰক্ষী বিষয়াই।

তেওঁলোকৰ এই সফলতাই সমগ্ৰ কলিয়াবৰবাসী ৰাইজক উৎফুল্লিত কৰিছে আৰু অনাগত দিনত অধিক কৰ্মস্পৃহা আৰু উদ্যমৰে কাম কৰি যাবলৈ উদগনি যোগাব বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে।

আজিৰ এই সজাতি দলটিত নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা খড়ানন্দ পোখৰেল, লেখনাথ শৰ্মা, সভাপতি ৰাজদীপ খতিৱড়া, সম্পাদিকা ৰাধা ঢকালৰ লগতে বহু কেইগৰাকী জিলা আৰু আঞ্চলিক শাখাৰ প্ৰতিনিধি উপস্থিত থাকে।

Related News