নাগপুৰীয়া বিজেপিয়ে অসমৰ সৰু সৰু জাতিসত্বাসমূহক তিমি মাছৰ দৰে গিলিছে : সাংসদ প্ৰদ্যুৎ বৰদলৈ

index.jpg

বিজতৰীয়া সংস্কৃতিৰে নাগপুৰৰ পৰা অহা বিজেপি দলে অসমৰ সৰু সৰু জাতিসত্বা সমূহক তিমি মাছে গিলাৰ দৰে গিলিছে। মৰিগাঁৱত আজি এই তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়ায় ১০নং নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যূত বৰদলৈয়ে।

আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ১০নং তেতেলীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰীৰ এখন নিৰ্বাচনী সভাত অংশ লৈ সাংসদ গৰাকীয়ে লগতে কয় যে তিৱা সমাজৰ উন্নয়নৰ কথা আজি ভাবিবলৈ গেৰুৱা দলটোৰ সময় নাই।

তেঁওলোকে সম্প্ৰতি জাতিটোৰ হকে মাত মাতি অহা ‘তিৱা জাতীয় ঐক্য মঞ্চ’কো গিলি পেলালে বুলি মন্তব্য কৰে। বিজেপিয়ে অসমৰ সকলো ক্ষুদ্ৰ জাতি সত্বাক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে বুলিও তেওঁ অভিযোগ কৰে।

নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি অসমীয়া জাতিৰ পৰিচয় তথা স্বকীয়তাক নিঃচিহ্ন কৰিছে। গতিকে, বিজেপি দল কেতিয়াও অসমীয়াৰ বন্ধু হ’ব নোৱাৰে, তিৱা জনগোষ্ঠীৰ বন্ধু হ’ব নোৱাৰে বুলি ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে উল্লেখ কৰে।

কেৱল শোষণ আৰু দমন নীতিৰে দুখীয়া ৰাইজক, পিছপৰা জনগোষ্ঠীসকলক তললৈ পদ দলিত কৰাই মূল উদ্দেশ্য বুলি গেৰুৱা দলটোক কটাক্ষ কৰে।

আনহাতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পৰিষদলৈ বিভিন্ন শিতানৰ পৰা বছৰী ১০০ কোটি টকা পৰ্যন্ত অনুদান আগবঢ়োৱা স্বত্বেও সেই ধন ক’ত খৰছ কৰিলে আৰু সেই হিছাপ লোৱাৰ সময় সমাগত বুলিও সাংসদজনে মন্তব্য কৰে।

এইবাৰ তিৱা পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি দোহাৰি ৰাইজক কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ তেওঁ আহ্বান জনায়।

সভাত ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন, মৰিগাঁৱৰ প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱা, জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, সম্পাদক শশী মোহন বিশ্বাসৰ লগতে সহশ্ৰাধিক দলীয় নেতা-কৰ্মীৰ লগতে ৰাইজ উপস্থিত থাকে।