NORTHEAST NOW (Assamese)

নাইন এম এম পিষ্টল, মেগজিনসহ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী

November 19, 2018 8:05 pm · এন ই নাও নিউজ
Updated: November 19, 2018 8:07 pm
নগাঁও আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী মজিবুৰ ৰহমান। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ বটদ্ৰবাৰ ধনীয়াভেটিত আৰক্ষীয়ে অভিযান চলাই আজি এটা কুখ্যাত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী মজিবুৰ ৰহমান  মৰিগাঁ‌ও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ নিৱাসী।

কুখ্যাত অপৰাধী মজিবুৰ ৰহমানৰ পৰা আৰক্ষীয়ে জব্দ কৰা পিষ্টল আৰু মেগাজিন। ফটো : নৰ্থইষ্ট নাও

আৰক্ষীয়ে মজিবুৰ ৰহমানৰ পৰা এটা বিদেশত নিৰ্মিত নাইন এম এম পিষ্টল, এটা খালি মেগজিন আৰু এটা সজীৱ গুলি উদ্ধাৰ কৰে।

উল্লেখ্য যে, আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি নগাওঁ জিলা উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে গঠন কৰা বিশেষ অভিযানকাৰী আৰক্ষী দলে অভিযান চলাই ধনীয়াভেটিৰ পৰা অবৈধ মাৰণাস্ত্রসহ মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত মজিবুৰ ৰহমানক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

Related News