নগাঁৱত নকল সোণৰ নাওসহ চাৰি ব্যৱসায়ীক গ্ৰেপ্তাৰ; দুই লাখ টকা উদ্ধাৰ

Nagaon fake gold seized

ফটো: নৰ্থইষ্ট নাও।

দিনক দিনে নগাঁও চহৰকে ধৰি বিভিন্ন স্থানত অপৰাধজনিত ঘটনাৰ ৰম্যভূমিত পৰিনত হৈছে নগাঁও জিলা ৷ ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত ঔষধৰ প্ৰচলন অব্যাহত থকাৰ সামান্তৰালভাৱে অবৈধ মাৰণাস্ত্ৰৰ জনজননিও অব্যাহত আছে ৷

চুৰি, ডকাইতিৰ ঘটনা অব্যাহত থকা জিলাখনত আৰক্ষীয়ে অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও আৰক্ষী সম্পূৰ্ণৰূপে সফল হব পৰা নাই ৷ 

আৰক্ষীৰ এই অভিযান চলি থকাৰ মাজতে নিশা নগাঁৱত নকল সোণৰ নাওসহ চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Also Read: বিশ্বত প্ৰথমবাৰৰ বাবে আজি ৰে’ল লাইনেৰে চলিল বাছ! কি এই DMV চাওক

নগাঁৱৰ হয়বৰগাঁৱৰ আৰক্ষী চকীৰ সহকাৰী উপপৰিদৰ্শক মজিবুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীয়ে শুকুৰবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ কেন্দুগুৰিত চলোৱা অভিযানত এই সফলতা লাভ কৰে ৷

আৰক্ষীসুত্ৰই জনোৱা মতে লক্ষীমপুৰ জিলাৰ তিনিজন নকল সোণৰ ব্যৱসায়ীয়ে  কেন্দুগুৰিত বাহৰ পাতি উত্তৰ প্ৰদেশৰ এজন ব্যৱসায়ীক এখন নকল সোণৰ নাও বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলাইছিল ৷

এই খবৰ লাভ কৰি হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই চাৰিওজন ব্যৱসায়ীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যৱসায় কেইজন হ’ল লক্ষীমপুৰৰ আটিকুৰ ৰহমান, চিৰাজুল ইছলাম, মুছলিমউদ্দিন আৰু উত্তৰ প্ৰদেশৰ অশোক কুমাৰ ৷

Also Read: মাজ আকাশতে ভাগি পৰিল ভাৰতীয় বায়ুসেনাৰ মিগ-২১ বাইছন; পাইলটৰ মৃত্যু

লক্ষীমপুৰৰ ব্যৱসায়ী তিনিজনে অশোক কুমাৰক দুইলাখ টকাৰ বিনিময়ত এখন নকল সোণৰ নাও বিক্ৰীৰ যো জা কৰিছিল ৷ আৰক্ষীয়ে নকল সোনৰ নাওখন জব্দ কৰাৰ লগতে দুইলাখ টকাও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ যে ইয়াৰ আগতেও নগাঁৱত বৃহৎ পৰিমানৰ নকল সোনৰ সামগ্ৰী জব্দ কৰাৰ লগতে বহু কেইজন ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷