চামগুৰিত নকল টকা ছপা কৰা মেচিনসহ প্ৰায় ১২ লক্ষাধিক টকাৰ নকল টকা জব্দ; ৬ জনক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ চামগুৰিত আৰক্ষীৰ এটা দলে দেওবাৰে পুৱতি নিশা নকল টকা ছপা কৰা এটা বৃহৎ অসাধু চক্ৰক উৎখাত কৰবিলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত চামগুৰি আৰু নগাঁও সদৰ আৰক্ষীৰ যৌথ অভিযানত আৰক্ষীৰ দলটোৱে উৎখাত কৰিবলৈ সক্ষম হয় বৃহৎ চক্ৰটো।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে চামগুৰিৰ গেন্ধালি-বেবেজীয়া গাঁও, সোণাৰিবালি আৰু আমনিত দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজা পৰ্য্যন্ত চলাইছিল ব্যাপক অভিযান।

অভিযানকালত আৰক্ষীৰ দলটোৱে চামগুৰিৰ গেন্ধালি বেবেজীয়া গাঁৱৰ পৰা ক্ষীৰোদ বৰগোহাঁই, মহিম গগৈ আৰু সোণাৰিবালিৰ পৰা কামাল উদ্দীন নামৰ তিনিজন লোকক কৰায়ত্ত কৰে।

তাৰোপৰি পৰৱৰ্তী সময়ত আমনিৰ এখন হোটেলৰ পৰা লক্ষীমপুৰ জিলাৰৰ বিহপুৰীয়াৰ সুৰুজ আলী, ৰছিদ আলী আৰু বিল্লাল হুছেইন নামৰ আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে এটা নকল টকা ছপা কৰা অত্যাধুনিক মেচিন, নগদ প্ৰায় নকল ১২লক্ষাধিক ৫০০ টকাৰ নোটৰ বাণ্ডেল, এখন মটৰ চাইকেলসহ কেইবাটাও ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত চক্ৰটোৱে চামগুৰিৰ গেন্ধালি বেবেজীয়া গাঁৱৰ ক্ষীৰোদ বুঢ়াগোহাঁইৰ এটা ঘৰ ভাৰাত লৈ দীৰ্ঘদিন ধৰি নকল টকা ছপা কৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি ইতিমধ্যেই আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

বৰ্তমান ধৃত লোককেইজনৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ধৃত কেইজনৰ স্বৃকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়তো আৰক্ষীৰ দলটোৱে পুনৰ নগাঁও জিলাৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে আৰক্ষীৰ এক বিশেষ সূত্ৰই।