NORTHEAST NOW (Assamese)

নগাঁৱত অতিৰিক্ত জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ ১৪৪ ধাৰা জাৰি

October 24, 2018 9:06 pm · মিণ্টু দাস
প্ৰতিনিধিত্বমূলক চিত্ৰ

আগন্তুক দীপাৱলী আৰু ষঠ পূজাৰ সময়ত যাতে জিলাখনত শান্তি-সম্প্ৰীতি বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে নিষেধাজ্ঞা জাৰি কৰিছে।

এই জাৰি কৰা নিষেধাজ্ঞা অনুসৰি ফটকা উৎপাদন, বিক্ৰী বা ব্যৱহাৰ আৰু লগতে ইয়াৰ শব্দৰ পৰিমাণ ১২৫ DB(AI) বা ১৪৫DB(C)ত কৈ বেছি হ’ব নোৱাৰিব।

তাৰোপৰি ৰাতি ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ ফটকা ফুটাব নোৱাৰিব। চিকিৎসালয়, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, পে’ট্ৰল ডিপো আদিৰ পৰা ১০০ মিটাৰৰ ব্যৱধানৰ ভিতৰত ফটকা ফুটাব নোৱাৰিব। পথ বা পদপথত ফটকা ফুটাব নোৱাৰিব।

আনহাতে এই আইন তৎকালীনভাবে বলবৎ হৈছে আৰু আইন অমান্যকাৰীৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক বিবৃতিযোগে লাচিত কুমাৰ দাসে জানিবলৈ দিয়ে।

Related News