• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নৌ সেনাধ্যক্ষক সাক্ষাৎ অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

Damien Lepcha ডেমিয়েন লেপছা
ইটানগৰ , October 24, 2018 9:17 pm

2 min read

PHOTO-2018-10-24-19-55-44
1.3k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি ২৪ অক্টোবৰত এডমিৰেল সুনীল লানবাক সাক্ষাৎ কৰে। টেংগাস্থিত ৫ মাউণ্টেইন ডিভিজনৰ জেনেৰেল অফিচাৰ কামাণ্ডিং মেঃ জেনেৰেল আৰকে ঝাৰ উপস্থিতিত মুখ্য মন্ত্ৰীগৰাকীয়ে নৌ সেনাধ্যক্ষ তথা চীফ অব ষ্টাফ কমিটীৰ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰে।

সাক্ষাতৰ সময়চোৱাত মুখ্য মন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰতিৰক্ষা, পৰ্যটন আৰু যোগাযোগ-যাতায়াত সম্পৰ্কীয় বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম ৰাজ্যখনত চলি আছে।

তেওঁ আৰু পশ্চিম কামেঙৰ টাৱাঙত প্ৰস্তাৱিত এয়াৰফিল্ডখনৰ সম্পৰ্কেও এডমিৰেলগৰাকীক অৱগত কৰে। তেওঁ আৰু জনায় যে কেন্দ্ৰৰ কাৰিকৰী কমিটীয়ে শীঘ্ৰেই এটা সম্ভাৱনীয়তাৰ অধ্যয়ন সম্পন্ন কৰিব।

উল্লেখ্য যে নৌ সেনা প্ৰধানগৰাকীৰ পৰা অনুৰোধ লাভ কৰাৰ পাছত মুখ্য মন্ত্ৰী খাণ্ডুৱে অন্যন্য মন্ত্ৰ্যালয়সমূহক জড়িত কৰি সীমান্ত এলেকাসমূহত প্ৰতিৰক্ষাৰ আন্তঃগাঁথনিত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল। তেওঁ কৈছে যে ইয়ে অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পুঁজিৰে চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ নিৰ্মাণৰ গতি ত্বৰান্বিত কৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে সামৰিক বাহিনী আৰু অসামৰিক লোকৰ আন্তৰিক সম্পৰ্কই দুয়ো পক্ষৰ মাজৰ বন্ধুত্ব গঢ়াত সহায় কৰিছে। তেওঁ মঞ্জুশ্ৰী স্কুলৰ পৰা দুগৰাকী শিশুক তুলি লোৱা বাবে মেজৰ জেনেৰেল ঝাক ধন্যবাদ জনায় আৰু ৰাজ্যখনত সেনা বাহিনীৰ মানৱ-হিতৈষী কাম-কাজৰ শলাগ লয়।

পৰমবীৰ চক্ৰ প্ৰাপক ছুবেদাৰ যোগীন্দৰ সিঙৰ যুদ্ধ স্মাৰক গঢ়াৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে চলিত বছৰতেই এই কাম সম্পূৰ্ণ কৰি তোলা হ’ব।

উল্লেখ্য যে ১৯৬২ৰ চীনা অগ্ৰাসনৰ সময়চোৱাত টাৱাঙৰ ওচৰৰ টংপেন লাক চীনৰ পৰা ৰক্ষা কৰিবলৈ গৈ ছুবেদাৰ যোগীন্দৰ সিঙে আত্মবলি দিছিল।

অৱসৰপ্ৰাপ্ত সেনাৰ কল্যাণৰ সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপৰ সম্পৰ্কত মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে কল্যাণ পৰিষদ গঠন কৰা হৈছে জিলা পৰ্যায়ত অৱসৰপ্ৰাপ্ত সেনাসকলৰ বাবে পৰিচয়পত্ৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে ইটানগৰতহে পৰিচয়পত্ৰ প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে খাণ্ডুৱে ১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ চহিদসকলৰ প্ৰতি উৎসৰ্গিত যুদ্ধ স্মাৰক দৰ্শন কৰে বীৰ সেনাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মাল্যাৰ্পণ কৰে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd