NORTHEAST NOW (Assamese)

বুলডজাৰেৰে ভাঙি পেলোৱা হ’ল নাগাৰ্জুনৰ সম্পত্তি! কি ভুল হ’ল দক্ষিণৰ অভিনেতাজনৰ

August 24, 2024 5:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দেশৰ অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত বুলডজাৰ ব্যৱহাৰ কৰি কেইবাটাও সম্পত্তি ভাঙি পেলোৱা দেখা গৈছে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। দক্ষিণৰ অভিনেতা নাগাৰ্জুনৰ সম্পত্তিত বুলডজাৰ চলিছে। অভিনেতাজনৰ এন কনভেনচন চেণ্টাৰ ভাঙি পেলোৱা হৈছে। কিন্তু এই সিদ্ধান্তৰ কাৰণ ঠিক কি?

১০ একৰ মাটিত নিৰ্মাণ কৰা এই জনপ্ৰিয় অভিনেতাৰ কনভেনচন চেণ্টাৰ। অৱশ্যে যোৱা কেইবছৰমানৰ পৰা হায়দৰাবাদ দুৰ্যোগ সঁহাৰি আৰু সম্পত্তি নিৰীক্ষণ আৰু সুৰক্ষাৰ বিষয়াসকলে ইয়াৰ ওপৰত চকু ৰাখিছে। অভিযোগ উত্থাপন হৈছিল যে এই নিৰ্মাণ অবৈধভাৱে কৰা হৈছে। শেষত সেই অভিযোগৰ ভিত্তিত বুলডজাৰেৰে ভাঙি পেলোৱাৰ খবৰ আহিল।

থাম্মিডিকুন্টা হ্ৰদ অঞ্চলৰ ফুল টেংক লেভেল (এফটিএল) এলেকাত অবৈধভাৱে কনভেনচন চেণ্টাৰ নিৰ্মাণ কৰা বুলি নাগাৰ্জুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। উত্তৰ টেংক বিভাগৰ এজন বিষয়াই জনোৱা মতে, থাম্মিডিকুন্টা হ্ৰদৰ ‘এফটিএল’ এলেকা প্ৰায় ২৯.২৪ একৰল। অভিযোগ অনুসৰি এই অঞ্চলৰ মাটি দখল কৰি দক্ষিণৰ অভিনেতাজনে নিজৰ কনভেনচন চেণ্টাৰ নিৰ্মাণ কৰিছে। তেওঁৰ বিৰুদ্ধে কমেও ১.১২ একৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াত বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ বিগত কেইবছৰমানৰ পৰা এই বিষয়টোৰ ওপৰত চকু ৰাখিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু অৱশেষত যেতিয়া অভিযোগ হায়দৰাবাদ ডিজাষ্টাৰ ৰেচপন্স এণ্ড এচেটছ মনিটৰিং এণ্ড প্ৰটেকচনত দাখিল কৰা হয়, তেতিয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে এই সমগ্ৰ ঘটনাক লৈ অভিনেতা নাগাৰ্জুনে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁৰ বক্তব্য, “সম্পত্তি ভাঙি পেলোৱাৰ কাম অবৈধভাৱে কৰা হৈছে।সেয়া লিজত দিয়া মাটি আছিল। আৰু কোনো কাৰণতে কোনো মাটি দখল কৰি অধিৱেশন কেন্দ্ৰটো নিৰ্মাণ কৰা হোৱা নাছিল। এই সন্দৰ্ভত আদালতত গোচৰ চলি আছে। যদি ন্যায়পালিকাই মোক ভুল বুলি ভাবে তেন্তে মই নিজেই ভাঙি পেলালোঁহেঁতেন।”

Related News