NORTHEAST NOW (Assamese)

নাগপুৰ হিংসাঃ শান্তি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান মায়াৱতীৰ

March 18, 2025 10:15 am · এন ই নাও নিউজ, গুৱহাটী
Updated: March 18, 2025 11:56 am

বহুজন সমাজ পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে মহাৰাষ্ট্ৰ চৰকাৰক নাগপুৰত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ লগত জড়িত শান্তি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

উল্লেখ্য যে সংঘ পৰিয়ালৰ সংগঠনসমূহে মোগল সম্ৰাট ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ দাবী জনোৱাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

মায়াৱতীয়ে পাৰস্পৰিক ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতিৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰি, পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে।  বিশেষকৈ নাগপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক ক্ষিপ্ৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

নাগপুৰৰ মহল এলেকাত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে  হিংসাত্মক ঘটনা সংঘটিত হৈছে। হান্সপুৰী অঞ্চলত অচিনাক্ত মুখা পিন্ধা লোকে দোকান ভাঙি গাড়ীত জুই লগাই দিয়াৰ উপৰিও শিলগুটি নিক্ষেপ কৰাৰ ফলত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয়।

ক্ৰমবৰ্ধমান হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি প্ৰশাসনে নাগপুৰৰ কোতৱালি, গণেশপেঠ, লাকাডগঞ্জ আদিকে ধৰি কেইবাটাও অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত সান্ধ্য আইন জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত এই সান্ধ্য আইন অব্যাহত থকাৰ সম্ভাৱনা আছে।

বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰায় ২০০ৰ পৰা ২৫০ জন সদস্যই ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ সমৰ্থনত সমবেত হোৱাৰ পিছতে এই অশান্তিৰ সূচনা হয়। উৰাবাতৰি প্ৰচাৰ ৰোধ কৰাৰ লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবেও কৰ্তৃপক্ষই যোগাযোগৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। আৰক্ষীয়ে শান্তি শৃংখলা  নিশ্চিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News