২৭ নং নাগ্ৰিজুলী বিটিচি পৰিষদীয় সমষ্টি ভিত্তিত জনগোষ্ঠীয় সমন্বয় মঞ্চৰ কেন্দ্ৰীয় সমিতি গঠন

বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ, সম উন্নয়নৰ হকে মাত-মাতি যাব এই মঞ্চই

Nagrijuli

স্বাধীনতাৰ ৭২ বছৰ পিচতো বাক্সা জিলাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত  অঞ্চলসমূহ উন্নয়নৰ দিশত যথেষ্ট পিচ পৰি আছে ৷

এই অঞ্চলত বসবাস কৰা অসমীয়া, নেপালী, বঙালী, বড়ো, চাওতাল-আদিবাসী আদি সম্প্ৰদায়ৰ লোকসকল শিক্ষা-দীক্ষা, কৃষি,  স্বাস্থ্যৰ লগতে বিভিন্ন দিশত  উন্নয়নৰ দিশত পিচ পৰি থকাৰ লগতে

বিভিন্ন ৰাজনৈতিক দলৰ শাসন কালত এই অঞ্চলৰ লোক সকল শোষিত,  লাঞ্চিত,  বঞ্চিত হৈ আহিছে৷

অঞ্চলবাসীৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু শান্তিৰ এনাজৰী  সূদৃঢ় কৰাৰ লক্ষ্যৰে ২৭ নং  নাগ্ৰীজুলি  বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গাঁওসমূহৰ  বিভিন্ন জাতি -জনগোষ্ঠীৰ লোকক লৈ গঠন কৰা হৈছে জনগোষ্ঠীয় সমন্বয় মঞ্চ৷ এই ভাষ্য বিশিষ্ট সমাজ কৰ্মী কৃষ্ণ টিকদাৰৰ৷

কালি নাগ্ৰীজুলি বজাৰ প্ৰাংগনত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী উপেন চেত্ৰীৰ পৌৰাহিত্যত  অনুস্থিত এক বিশাল ৰাজহুৱা সভাত কৃষ্ণ টিকদাৰে এই দৰে কয়৷

যুৱ সমাজ কৰ্মী ক্ষীতিশ দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত কৃষ্ণ টিকদাৰে পুনৰ কয় যে সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈ ৰাজনৈতিক নেতাৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰ সমুহ আজুৰি আনিব লাগিব ৷

সভাত ভাষণ ৰাখি যুৱ সমাজ কৰ্মী বশিষ্ঠ বৰুৱাই কয় যে বিগত সমচোৱাত আমাৰ জন প্ৰতিনিধিসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ যি ধৰণে  উন্নয়ন সাধন কৰিব লাগিছিল,  তেনেধৰণে উন্নয়ন সাধন কৰিব পৰা নাই৷ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত নানান প্ৰতিশ্ৰুতি দি আমাৰ পৰা ভোট লৈ নিৰ্বাচিত হোৱাৰ পিচতে সকলো পাহৰি যায়৷

আনহাতে সভাত উপস্থিত থাকি কাউলী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী নাৰদ ভট্টৰায়ে  জনগোষ্ঠীয় সমন্বয় মঞ্চ গঠনৰ প্ৰাসংগিকতা উল্লেখ কৰি কয় যে বৃহত্ততৰ নাগ্ৰীজুলি অঞ্চলটোৰ ৰাইজৰ মাজত সমন্বয় আৰু একতা ৰক্ষাৰ উদ্দেশ্যৰে গঠন জনগোষ্ঠীয় সমন্বয় মঞ্চ গঠন হোৱা বুলিও তেওঁ সভাত সদৰী কৰে৷

২০১০ চনতেই এই মঞ্চ গঠনৰ পৰিকল্পনা কৰা হৈছিল যদিও আজি এই মঞ্চই নাগ্ৰীজুলিত পূৰ্ণতা লাভ কৰিলে আৰু ৰাইজে একত্ৰিত হৈ এই মঞ্চখন আগুৱাই লৈ যাব লাগিব বুলি মন্তব্য কৰে গোপাল আচাৰ্য্যই।

অঞ্চলটোৰ প্ৰায় ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আজিৰ এই  সভাতেই নাৰদ ভট্টৰায়ক সভাপতি, নিকোলাচ টুডুক কাৰ্য্যকৰি সভাপতি, কমলা মেধিক, উপেন চেত্ৰী, পূর্ণস্বৰ বড়োক, উদয় নায়ক, কৃষ্ণ টিকদাৰক  উপ- সভাপতি, গোপাল আচার্জিক সাধাৰন সম্পাদক আৰু ক্ষিতিশ হাজোৱাৰী, প্ৰাণজিৎ তালুকদাৰ, হৰিপদ সিংহক সম্পাদক হিচাপে লৈ ৭১ জনীয়াকৈ  ২৭ নং নাগ্ৰীজুলি বিচিচি পৰিষদীয় সমষ্টি ভিত্তিক জনগোষ্ঠীয় সমন্বয় মঞ্চৰ কেন্দ্ৰীয় সমিতিখন  গঠন কৰা হয়৷

ইপিনে আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত  ২৭ নং নাগ্ৰীজুলি  বিটিচি পৰিষদীয় সমষ্টিত জনগোষ্ঠীয়  সমন্বয়  মঞ্চ গঠন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।