বেৰিকেড-ফেন্সিঙৰ পিছত এইবাৰ কৃষকক ৰুধিবলৈ দিল্লী সীমান্তৰ ৰাজপথত বান্ধিলে পকী বেৰা!

দিল্লী সীমান্তত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱাৰ লগতে খোৱা পানীৰ যোগান!

0c28vjmg_barricades-at-delhi-borders-_625x300_02_February_21

কৃষক আন্দোলনৰ অনিৰুদ্ধ গতি আৰু সংগঠিত ৰূপৰ দৃঢ়তা দেখি থৰকাছুটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় চৰকাৰ তথা দিল্লী আৰক্ষীয়ে!

কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত যোৱা দুমাহৰো অধিক দিন অবিৰতভাৱে দিল্লীৰ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সীমান্তত অব্যাহত থকা কৃষক আন্দোলনস্থলীলৈ বৰ্তমানেও দিল্লী সীমান্তৱৰ্তী বিভিন্ন ৰাজ্যৰ পৰা বৈ আছে কৃষকৰ সোঁত।

কৃষকৰ এই নিৰৱিচ্ছিন্ন সোঁত দেখিয়ে থৰকাছুটি হেৰুৱাইছে দিল্লী আৰক্ষীয়ে।

কৃষকসকলক সংগঠিত হ’বলৈ বাধা প্ৰদান কৰাৰ লগতে আন্দোলনৰত কৃষকৰ মনোবল ভাঙিবলৈ দিল্লী আৰক্ষীয়ে ইটোৰ পিছত সিটো হঠকাৰী কাণ্ড কৰিবলৈ আৰম্ভ কৰিছে।

বিশেষকৈ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱস দিনাৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীয়ে সংঘটিত কৰা বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ পিছত দিল্লী আৰক্ষীয়ে যেন কৃষকৰ ওপৰত মানসিক হেঁচা দিবলৈ এক সোণালী সুযোগহে লাভ কৰিলে।

ইয়াৰ পিছতে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত চৰকাৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে পুনৰ ব’ল্ডাৰ বেৰিকেড, ফেন্সিং আদি দি কৃষকক বাধা দিয়াৰ প্ৰয়াস কৰি আহিছে। বন্ধ কৰি দিয়া হৈছে খোৱা পানীৰ যোগান।

ইফালে ইমানৰ পিছতো কৃষকৰ সমদলক নাকি লগাবলৈ সক্ষম নোহোৱাৰ পিছত উত্তৰ প্ৰদেশৰ গাজিপুৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৃষকৰ ওপৰত বৰ্বৰভাৱে লাঠি চালনা কৰি আক্ৰমণ কৰিছে।

ইয়াৰ পিছতো স্তব্ধ হোৱা নাই দিল্লী সীমান্তলৈ কৃষকৰ আগমণ। এইবাৰ কৃষকৰ সোঁতক বাধা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীয়ে ৰাজপথত ব’ল্ডাৰ বেৰিকেড, ফেন্সিঙ আদি দিয়াৰ পৰিৱৰ্তে নিৰ্মাণ কৰিছে পকী দেৱাল।

সোমবাৰে সিঙ্ঘু সীমান্তত ৰ’ড চিমেন্টেৰে এই পকী বেৰা নিৰ্মাণ কৰাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইফালে গাজিপুৰ সীমান্ততো বেৰিকেড নিৰ্মাণ কৰি প্ৰতিটো ক্ষণতে ড্ৰোণেৰে নিৰক্ষীণ কৰি থকা হৈছে।

আনহাতে টিকৰি সীমান্তত বহুতৰপীয়া বেৰিকেড তৈয়াৰ কৰি কৃষকক ভেটা দিয়াৰ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে।