সু-শাসনৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ সন্মুখতে অসমীয়াই উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে : ৰূপজ্যোতি কুৰ্মী

Rupjyoti-Kurmi-1140x570

কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফাইল ফটো

‘’যিজনে সুশাসনৰ কথা কৈছিল, তেওঁৰ কাৰ্যালয়ৰ সন্মুখতে অসমীয়াই উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে।‘’ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিচপুৰ সচিবালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিজন সদস্যই উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত জনতা ভৱনত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে দিচপুৰস্থিত অসম সচিবালয়ৰ সন্মুখত এজনে সম্পূৰ্ণ উলংগ হৈ আৰু অন্য দুজনে অৰ্ধ উলংগ হৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল।

মুখ্য মন্ত্ৰীৰ নিজৰ কাৰ্য্যালয় অৰ্থ্যাৎ জনতা ভৱনৰ সন্মুখত অসমীয়া যুৱক উলংগ হোৱাটো দুখজনক বুলি মন্তব্য কৰে কুৰ্মীয়ে।

কুৰ্মীয়ে কয়, ‘’আজিৰ দিনটো অসমবাসীৰ বাবে আটাইতকৈ দুখৰ দিন। আজি অসমীয়াই পুনৰ উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হ’ল।‘’

তদুপৰি, অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত পুনৰ উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হ’ল বুলিও তেওঁ কয়।

‘’সংবিধানৰ শপত খাই চৰকাৰ গঠন কৰা সকলে জনতাৰ কথা শুনিব লাগে। অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিছো।‘’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় কংগ্ৰেছী বিধায়কজনে।

ইপিনে, সকলোতে প্ৰতিবাদ হোৱাৰ পাছতো চৰকাৰ কিয় এইদৰে অটল হৈ আছে বুলিও প্ৰশ্ন কৰে কুৰ্মীয়ে। তদুপৰি, ভৱিষ্যতে এনে ঘটনা অসমৰ ৰাইজে আৰু দেখা নোপোৱাৰ তেওঁৰ ধাৰণা হোৱা বুলি কয়।