মই কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ জেউতি সদায় চাব বিচাৰো :  নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা অনুষ্ঠানত হোমেন বৰগোহাঞি

Nalbari college foundation Day

নবাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত হোমেন বৰগোহাঞি

নলবাৰী জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী মহাবিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহাবিদ্যালয়খনৰ চৌহদত উদযাপন কৰা হয়।

স্বাধীনতাৰ পূৰ্বে ১৯৪৫ চনত স্থাপন হোৱা মহাবিদ্যালয়খনে চলিত বৰ্ষত মহাৰজত জয়ন্তী বৰ্ষত ভৰি থৈছে। মহাৰজত জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত ৰাতিপুৱা মহাবিদ্যালয়খনৰ শিক্ষক, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সমূহীয়া দৌৰত অংশ লয়।

সমূহীয়া দৌৰৰ অন্তত মহাবিদ্যালয় চৌহদত ক্ৰমে মহাবিদ্যালয়ৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

দিনৰ ভাগত ‘মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা’ অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক তথা নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে।

ভাষণ প্ৰসংগত বৰগোহাঞিয়ে মহাবিদ্যালয়খনৰ অতীত ৰোমন্ঠন কৰাৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল সমাজৰ প্ৰতি যোগাত্মক অৰিহনা যোগাবৰ বাবে আহ্বান জনায়।

‘মই কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মুখৰ উজ্বলতা সদায় চাব বিচাৰো, তেওঁলোকৰ দিনবোৰ যাতে কেতিয়াও অন্ধকাৰ নহয়’-বৰগোহাঞিয়ে নিজৰ ভাষণ প্ৰসংগত এনেদৰে উল্লেখ কৰে।

বক্তৃতা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী।

নলবাৰী মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড০ দীপক গোস্বামীয়ে বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে।

আবেলি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সতীৰ্থ সন্মিলনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ লগত জড়িত হৈ থকা অতীত সোৱৰণ কৰি আৱেগিক হৈ পৰে।

সন্ধিয়া মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।