NORTHEAST NOW (Assamese)

পত্নীসহ নলবাৰীৰ বিজেপি বিধায়ক অশোক শৰ্মা ক’ভিড-১৯ত আক্ৰান্ত

September 12, 2020 1:06 pm · এন ই নাও নিউজ

ৰাজ্যত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতা ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

বিধায়ক শৰ্মাৰ লগতে তেওঁৰ পত্নী প্ৰনীতা দেৱীও আক্ৰান্ত হৈছে ক’ৰ’নাত।

আজি ৰাতিপুৱা বিধায়কজন ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায়।

উল্লেখ্য যে, বিধায়ক শৰ্মাই বিগত দিন সমূহত সমষ্টিৰ চুকে কোণে গৈ দলীয় সভাত অংশ লোৱা পৰিলক্ষিত হৈছিল।

এই সময়ছোৱাত বহু ৰাজনৈতিক লোক বিধায়কজনৰ সংস্পৰ্শলৈ আহিছিল।

উল্লেখযোগ্য শুকুৰবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক নাৰায়ণ ডেকা, বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ প্ৰভাৰী মনোজ বৰুৱা আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা নলবাৰী জিলাৰ বিজেপিৰ কাৰ্যনিৰ্বাহকতো উপস্থিত আছিল বিধায়ক শৰ্মা

Related News