দেশত বৃদ্ধি পোৱা ঘৃণাৰ বিষবাষ্প বন্ধ কৰাৰ দায়িত্ব ল’বলৈ মোদীক আহ্বান নাছিৰুদ্দিন শ্বাহৰ

Naseeruddin Shah to Modi

নিজৰ অভিনয় দক্ষতাৰে অনুৰাগীৰ মন জয় কৰা জেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহ শেহতীয়াকৈ ৰাজনৈতিকভাৱেও যথেষ্ট সক্ৰিয় ৰূপত আত্মপ্ৰকাশ কৰিছে। বিশেষকৈ দেশৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক চৰিত্ৰ সন্দৰ্ভত মন্তব্যৰে প্ৰায়ে চৰ্চিত হৈ আহিছে অভিনেতা গৰাকী।

দেশত ক্ৰমান্বয়ে ধৰ্মীয় অসহিষ্ণুতা আৰু সাম্প্ৰদায়িকতাবাদৰ এক অস্থিৰ পৰিৱেশ বৃদ্ধি পাই আহিছে বুলি সততে অভিযোগ কৰি আহিছে শ্বাহে। শেহতীয়াকৈ দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এক মন্তব্যৰে নাছিৰুদ্দিন শ্বাহ পুনৰ চৰ্চালৈ আহিছে।

কিছুদিন পূৰ্বে বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই প্ৰফেট মহম্মদ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক বতাহ সম্প্ৰতি অস্থিৰ কৰি ৰাখিছে। আন্তৰ্জাতিক পৰ্যায়তো এই বিতৰ্কৰ বাবে নিন্দিত হ’বলগীয়া হৈছে ভাৰত। ভাৰতৰ সৈতে কেইবাখনো মুছলমান ৰাষ্ট্ৰই কূটনৈতিকভাৱে বিৰোধাত্মক স্থিতিও গ্ৰহণ কৰিছে।

এই বিতৰ্ক সন্দৰ্ভতে বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নাছিৰুদ্দিন শ্বাহে। দেশত ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত বাঢ়ি অহা এই ঘৃণাৰ বিষ বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদক্ষেপ লোৱা উচিত বুলি মন্তব্য কৰিছে অভিনেতা গৰাকীয়ে।

বুধবাৰে এক সাক্ষাৎকাৰত শ্বাহে কয় যে মোডীয়ে টুইটাৰত কেইবাজনো ঘৃণা সৃষ্টিকাৰীক অনুসৰণ কৰে। তেওঁলোকে বৰ্দ্ধিত ৰূপত ছটিয়াই অহা ঘৃণা বন্ধ কৰাৰ বাবে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ মোদীক আহ্বান জনায় শ্বাহে।

অভিনেতাজনে কয়, “ক্ৰমাৎ বাঢ়ি অহা বিহ প্ৰতিহত কৰিবলৈ তেওঁ পদক্ষেপ ল’ব লাগিব। প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে কিবা এটা কৰিব লাগিব।”

শ্বাহে সাক্ষাৎকাৰটোত কয় যে বিতৰ্কিত মন্তব্য কৰা নুপুৰ শৰ্মা বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰ। তেওঁৰ এই বিতৰ্কিত মন্তব্যক গৰিহণা দিয়াৰ বাবে তথা তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে বিজেপিক এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ল।

এনেদৰে বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যৰে দেশত ঘৃণাৰ বিষবাষ্প ছটিওৱা লোকসকলক নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান জনাই শ্বাহে কয়, “যদি মোদীয়ে সমাজত বৃদ্ধি পোৱা এই ঘৃণাৰ বন্ধ কৰিব বিচাৰে, তেতিয়া তেওঁ নিজে আগবাঢ়ি আহিব লাগিব।”

এই পটভূমিতে শ্বাহে ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদৰ বিষয়েও উত্থাপন কৰে। এই ধৰ্মীয় সন্মিলনখনত একাংশ ধৰ্মীয় নেতাই কৰা উচতনিমূলক মন্তব্যৰ ওপৰত মোদীৰ স্থিতি স্পষ্ট কৰিবলৈও শ্বাহে আহ্বান জনায়।

শ্বাহে লগতে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে টেলিভিচনৰ একাংশ সংবাদ প্ৰতিষ্ঠান আৰু সামাজিক মাধ্যমকো জগৰীয়া কৰে।