• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপেক্ষাৰ অৱসান, হাস্যবদনে অৱতৰণ : ২৮৬ দিনৰ অন্তত মহাকাশৰ পৰা নিৰাপদে পৃথিৱী পালেহি সুনীতা উইলিয়ামছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 7:53 am
703
VIEWS
Share on FacebookShare on Twitter

অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ ২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিল।

বুধবাৰে পুৱা ৩:২৭ বজাত (ভাৰত সময় অনুসৰি) তেওঁলোকে ইলন মাস্কৰ স্পেচএক্স মহাকাশযানত ফ্ল’ৰিডা সাগৰত অৱতৰণ কৰে ।

মহাকাশৰ পৰা পৃথিৱীলৈ সুনীতা নিৰাপদে উভতি অহা বুলি নাছাই ঘোষণা কৰিছে। নাছাৰ নিক হগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভ তেওঁলোকৰ সৈতে একেখন মহাকাশযানেৰে উভতি আহিছে।

স্পেচএক্সৰ ড্ৰেগন নামৰ মহাকাশযানখনে মঙলবাৰে পুৱা ১০:৩৫ বজাত সুনীতাক লৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা ৰাওনা হয়।

বুধবাৰে আটলাণ্টিক মহাসাগৰৰ ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰে মহাকাশচাৰীসকলে। তেওঁলোকক উদ্ধাৰ কৰে আমেৰিকাৰ নৌসেনাৰ এখন জাহাজে।

ড্ৰেগনৰ কেপচুলৰ দুৱাৰখন খোলাৰ পিছত প্ৰথমে নিক হগ ওলাই আহে। ইয়াৰ প্ৰায় ৫ মিনিট পিছত ভাৰতীয় সময় অনুসৰি পুৱা ৪:২২ বজাত সুনীতা উইলিয়ামছে হাঁহি হাঁহি কেপচুলৰ পৰা ওলাই আহে।

তাৰপিছত তেওঁলোকক হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰলৈ লৈ যোৱা হয়। ইতিমধ্যে হিউষ্টনৰ স্পেচ চেণ্টাৰে এই অভিযানৰ সফলতা উদযাপন কৰিছে।

কিন্তু পৃথিৱীলৈ ঘূৰি অহাৰ পাছতো মহাকাশচাৰীসকলে লগে লগে পৰিয়ালক লগ কৰিব নোৱাৰিব। তেওঁলোকক কেইবাদিনলৈ কোৱাৰেনটাইন কৰি ৰখা হ’ব। তাত কেইবা সপ্তাহ ধৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা চলি থাকিব। ইয়াৰ পিছতহে সুনীতা আৰু বুচে পৰিয়ালক লগ কৰিব পাৰিব।

Splashdown confirmed! #Crew9 is now back on Earth in their @SpaceX Dragon spacecraft. pic.twitter.com/G5tVyqFbAu

— NASA (@NASA) March 18, 2025

মহাকাশচাৰীসকল অৱতৰণ কৰাৰ পিছত ভাৰতীয় সময় অনুসৰি পুৱা ৫:০৫ বজাত নাছাই এখন সংবাদমেল আয়োজন কৰে। নাছাৰ উপ- সহযোগী প্ৰশাসক জোৱেল মন্টালবানো আৰু অপাৰেচন ক’অৰ্ডিনেচন মেনেজাৰ বিল স্পেইচে কয় যে নাছাৰ সংগীসকলে নিৰাপদে অৱতৰণ কৰিলে। তেওঁলোকে যোৱা ৯ মাহত ১৫০টা বিষয়ৰ ওপৰত ৯০০ ঘণ্টাৰো অধিক গৱেষণা কৰিছে।

Recent News

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd