চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ প্ৰথম সন্ধান চলাইছিল এইগৰাকী ভাৰতীয়ই; কৃতিত্ব দিলে নাছাই

Sharmada

শানমুগা সুব্ৰমনিয়াম। ফটো: টুইটাৰৰ সৌজন্যত

নাছাই ভাৰতৰ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ অৱশিষ্ট চন্দ্ৰপৃষ্ঠত বিচাৰি পোৱাৰ পাছতেই বিশ্বজুৰি চৰ্চিত হৈছে এগৰাকী ভাৰতীয়ৰ নাম।

তেওঁৰ নাম শানমুগা সুব্ৰমনিয়াম। ৩৩ বছৰীয়া এই ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰা ফটো অধ্যয়ন কৰি নাছাই বিক্ৰম লেণ্ডাৰ ক’ত পতিত হৈছিল সেয়া সদৰী কৰিছিল।

শানমুগা সুব্ৰমনিয়াম এগৰাকী মেকানিকেল আৰু তেওঁ চেন্নাইৰ এখন আই টি ফাৰ্মত আৰ্কিটেক্ট হিচাপে কাম কৰি আছে। তেওঁ এগৰাকী এপ ডেভেলপাৰো।

শানমুগা মাদুৰাইৰ বাসিন্দা যদিও ১২ বছচৰ পূৰ্বে তেওঁ আহি চেন্নাইত থাকিবলৈ লয়।

কলেজীয়া দিনতে তেওঁ এবাৰ তিৰুৱন্তপুৰমত থকা ইছৰোৰ ৰকেট উৎক্ষেপন কেন্দ্ৰলৈ গৈছিল য’ত তেওঁ ৰকেট উৎক্ষেপন প্ৰত্যক্ষ কৰিছিল।

শানমুগালৈ নাছাই লিখা পত্ৰখন।

তেতিয়াৰে পৰা তেওঁৰ মনত মহাকাশক লৈ আকৰ্ষণৰ সৃষ্টি হৈছিল। তেওঁ সদায় ৰকেট আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত আছিল।

চন্দ্ৰত বিক্ৰম লেণ্ডাৰ পতিত হোৱাৰ পাছত ইয়াৰ সন্ধানত শানমুগাই সদায় ৪ঘন্টা ইন্টাৰনেটত চাৰ্চ কৰিছিল।

নাছাই প্ৰকাশ কৰা ফটোত যেতিয়া চন্দ্ৰপৃষ্ঠত ওপৰত বগা দাগ দেখি শানমুগা উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে সোমবাৰে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ সম্পৰ্কে টুইট কৰি জানিব দিছে যে তেওঁলোকৰ লুনাৰ ৰিক’নেছেন্স অৰ্বিটৰ (LRO)ই চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ টুকুৰা হৈ পৰি থকা অৱস্থাত বিচাৰি পাইছে।

নাছাই দাবী কৰা মতে চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশ ইয়াৰ বিধ্বংসস্থলীৰ পৰা ৭৫০ মিটাৰ দূৰত্বত পোৱা গৈছে।

বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশৰ তিনিটা ডাঙৰ টুকুৰা পোৱাৰ কথা নাছাই সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত ফটোসহ প্ৰকাশ কৰিছে।