NORTHEAST NOW (Assamese)

চন্দ্ৰৰ দক্ষিণ মেৰুত ৰৈ আছে ভাৰতৰ লেণ্ডাৰ বিক্ৰম; নাছাৰ উপগ্ৰহই ল’লে ফটো, কৰিলে শ্বেয়াৰ

September 6, 2023 3:47 pm · এন ই নাও নিউজ, গুৱাহাটী

চন্দ্ৰযান ৩ য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত ইতিহাস ৰচনা কৰিছে। কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই চাই আছে ভাৰতৰ চন্দ্ৰযান ৩-ৰ পিনে। এইবাৰ নাছাই শ্বেয়াৰ কৰিছে চন্দ্ৰৰ মাটিত থিয় হৈ থকা লেণ্ডাৰ বিক্ৰমৰ ছবি। এই ছবিখন আমেৰিকাৰ মহাকাশ সংস্থাটোৱে ইয়াৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

পোষ্টটোৰ মতে, এই ছবিখন নাছাৰ এল আৰ অ’ মহাকাশযানৰ পৰা লোৱা হৈছে। ছবিখনত বিক্ৰম দক্ষিণ মেৰুৰ পৰা ৬০০ কিলোমিটাৰ দূৰত্বত থিয় হৈ থকা দেখা গৈছে।

লগতে পঢ়ক: ভাৱ হ’ব চন্দ্ৰত যেন আপুনি থিয় হৈ আছে! ইছৰোই প্ৰকাশ কৰিলে 3D ছবি; চালে জুৰ পৰি যাব চকু

মন কৰিবলগীয়া যে বৰ্তমান লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান দুয়োটাই ‘স্লিপ মোড’ত আছে। নিৰ্ধাৰিত সময়ৰ দুদিনমান আগতেই তেওঁলোকক শুৱাই দিয়া হৈছে। ইয়াৰ পিছত ২২ ছেপ্টেম্বৰত পুনৰ সাৰ পোৱাৰ কথা।

চন্দ্ৰৰ মাটিত ইতিহাস সৃষ্টি কৰা দেখা গৈছে ভাৰতৰ চন্দ্ৰযানে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত ই দ্বিতীয়বাৰৰ বাবে মসৃন অৱতৰণ কৰিছে। ইয়াৰ উপৰিও প্ৰজ্ঞানে চন্দ্ৰৰ ত্ৰিমাত্ৰিক ছবি এখনো তুলিছে। প্ৰজ্ঞানে ছবিখন কেনেকৈ তুলিলে?

দৰাচলতে ই এই ছবিখন ‘নেভকেম ষ্টেৰিঅ’ ইমেজ’ৰ সহায়ত তুলিছিল। বাওঁ আৰু সোঁফালৰ ছবি দুখন লৈ মিহলাই ছবিখন সৃষ্টি কৰা হৈছিল। এইটো নিশ্চিত যে এই সফলতাই ভাৰতক মহাকাশ দৌৰত এক বৃহৎ অগ্ৰগতি প্ৰদান কৰিছে।

Related News