প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত বিশেষ সুৰক্ষা গোট, চমুকৈ SPGৰ সঞ্চালক অৰুণ কুমাৰ সিনহাৰ আজি পুৱতি নিশা গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত মৃত্যু হয়।
বিগত কিছুদিন ধৰি বিষয়াগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ আছিল। অৱশেষত আজি ৬১ বছৰ বয়সত দেহাৱসান ঘটে বিষয়াগৰাকীৰ।
অৰুণ কুমাৰ সিনহা ১৯৮৭ বেচৰ কেৰালা কেডাৰৰ আইপিএছ বিষয়া আছিল আৰু ২০১৬ চনৰ পৰা এছপিজি- ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ নিকটতম পৰিয়ালৰ সদস্যসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে ১৯৮৫ চনত বিশেষ সুৰক্ষা গোট (SPG) গঠন কৰা হৈছিল।
পিছত, এই বিশেষ সুৰক্ষা গোটৰ কৰ্মক্ষেত্ৰৰ সংশোধন কৰা হয় আৰু এই সংশোধন অনুসৰি এই গোটে এতিয়া কেৱল ক্ষমতাত থকা প্ৰধানমন্ত্ৰীক সুৰক্ষা আৱৰণ প্ৰদান কৰে।