NORTHEAST NOW (Assamese)

উত্তৰ লখিমপুৰত ‘নট সৈনিক থিয়েটাৰ একাডেমী’ নাট্য বিদ্যালয় উদ্বোধন

January 10, 2019 4:14 pm · ফাৰহানা আহমেদ
Updated: January 10, 2019 6:52 pm

উত্তৰ লখিমপুৰত অলপতে নাটক আৰু থিয়েটাৰৰ ওপৰত এখন বিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। এই ‘নট সৈনিক থিয়েটাৰ একাডেমী’ নামৰ বিদ্যালয়খন কলিকতাৰ সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ দ্বাৰা স্বীকৃত। এই বিদ্যালয়খনে ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰিব।  উত্তৰ লখিমপুৰত স্থাপিত এই থিয়েটাৰ একাডেমীখন উদ্বোধন কৰে বিশিষ্ট নাট্য কৰ্মী অভিনেতা বাহৰুল ইছলামে।

এই নাট্য বিদ্যালয়খনত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক (ডিপ্লমা) স্নাতক (বিশাৰদ) আৰু স্নাতকোত্তৰ (ৰত্ন) ডিগ্ৰী প্ৰদান কৰা হ’ব। এই নাট্য বিদ্যালয়খন অহা ১২ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব। সিদিনাৰ পৰাই নাট্য বিদ্যালয়খনত নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আগশাৰীৰ অভিনেতাৰ দ্বাৰা শিক্ষাৰ্থীসকলক নিৰ্দেশনা, অৰেটৰি, আবৃত্তি, সাজ-সজ্জা, মেক আপ, ষ্টেজ ডিজাইন, ছিন ডিজাইন, লাইট, কেমেৰাৰ কাম-কাজ, এংকোৰিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

নাট্য বিদ্য্যালয়খন উদ্বোধন কৰি বিশিষ্ট অভিনেতা বাহৰুল ইছলামে কৈছে যে নাটক হৈছে এটা জীৱন্ত কলা। যি সকলে নাটকক জীৱনৰ আৱেগ বুলি গ্ৰহণ কৰিছে, কেবল তেওঁলোকেহে এই শিক্ষানুষ্ঠানৰ সৈতে জড়িত হোৱা উচিত। তেওঁ নট সৈনিক নাট্য বিদ্যালয়ক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইছলামে এই নাট্য বিদ্যালয়খনৰ উদ্বোধনী অনুষ্ঠানত নাট্যকাৰ আলী হাইদৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মা আৰু উত্তৰ লখিমপুৰৰ চক্ৰ বিষয়া মনজিৎ বৰকটকী।

Related News