দেশত বৃদ্ধি পাইছে অশুভ শক্তি; গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে টুইটাৰত ট্ৰেণ্ডিং ‘ নাথুৰাম গডছে জিন্দাবাদ’

দেশত ক্ৰমাৎ অশুভ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়াই দেশৰ নাগৰিকৰ মনৰ মাজত অশুভ শক্তি বৃদ্ধি হোৱাৰ কথা জনসমাজত দাঙি ধৰিছে।

দেশত অশুভ শক্তি বৃদ্ধিৰ চৰম স্বাক্ষৰ বহন কৰি আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তীত ভাৰতত টুইটাৰত ট্ৰেণ্ডিং কৰিছে ‘নাথুৰাম গডছে জিন্দাবাদে’।

বহুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে নাথুৰাম গডছেক দেশৰ প্ৰকৃত নায়ক আখ্যা দিয়া দেখা গৈছে।

আনহাতে কিছুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে গডছে সমৰ্থকে জাতিৰ পিতাক কৰা অপমানৰ প্ৰত্যুত্তৰ দি গডছে মুৰ্দাবাদ আছিল, আছে আৰু থাকিব বুলি লিখে।

বিষয় যি নহওঁক জাতিৰ পিতাৰ জন্মজয়ন্তীৰ দিনটোত নাথুৰাম গডছেৰ দৰে এজন হত্যাকাৰীৰ সমৰ্থনত ‘ নাথুৰাম গডছে জিন্দাবাদ’ শ্লোগানে টুইটাৰত ট্ৰেণ্ড কৰা ঘটনাই দেশত গান্ধীজীৰ আদৰ্শক মূল্যহীন কৰাৰ গভীৰ ষড়যন্ত্ৰক প্ৰকাশ কৰাৰ লগতে দেশত মানসিকভাৱে বিকৃত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো তুলি ধৰিছে।

টুইটাৰত বহুসংখ্যক উগ্ৰ হিন্দুত্ববাদী লোকে যিসকলে হিন্দুৰ হৈ যুঁজিছে তেওঁক দেশৰ প্ৰকৃত নায়ক হিচাপে অভিহিত কৰি ভাৰতীয় ৰাষ্ট্ৰৰ ধাৰণা আৰু সমগ্ৰ বিশ্বই আকোৱালি লোৱা অহিংস দৰ্শনক ভেঙুছালি কৰা দেখা গ’ল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱা ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যদিও দেশৰ মুৰব্বী হিচাপে দেশৰ নাগৰিকৰ মাজত বৃদ্ধি পোৱা হত্যাকাৰীক সমৰ্থন আৰু জাতিৰ পিতাক অপমান কৰা মানসিকতা সন্দৰ্ভতো দৃষ্টি নিবদ্ধ কৰা দৰকাৰ।