বঙাইগাঁৱত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ কৰ্মশালা

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যলয়ৰ প্ৰেক্ষাগৃহত অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখা আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ ৰ জিলা সমিতিৰ যৌথ উদ্যোগত বঙাইগাওঁ জিলাৰ মুঠ ৯৯ খন প্ৰাদেশীকৃত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষকৰ বাবে এখন প্ৰকল্প পৰিশীলন কৰ্মশালা অনুষ্ঠিত কৰা হয় ।

ইয়াৰ লগত সংগতি ৰাখি অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখাৰ সভাপতি শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ সভাপতিত্বত পুৱা ৯.৩০ বজাত এখন উদ্বোধনী সভা অনুষ্ঠিত হয় ।

সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শিশু বিজ্ঞান সমাৰোহৰ বঙাইগাঁও জিলা পৰিচালনা সমিতিৰ সমন্বয়ক প্ৰশান্ত নাথে। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষা হেমন্তীবালা ৰায় বৰ্মণে। সভাখনত বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ ৰাণু ৰয় আৰু বঙাইগাঁও পলিটেকনিকৰ প্ৰবক্তা বীৰব্ৰত দাস চৌধুৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

উদ্বোধনী সভাৰ পিছত অনুষ্ঠিত হোৱা প্ৰকল্প পৰিশীলন কৰ্মশালাখন সঞ্চালনা কৰে বীৰব্ৰত দাস চৌধুৰীয়ে। তেওঁ প্ৰথমতে প্ৰকল্প প্ৰস্তুতকৰণৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছত কৰ্মশালাখনত বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা ক্ৰমে ড০ দিলীপ কুমাৰ ৰয়, ড০ কৌশিক দাস, সঞ্জীৱ বাগলাৰী, বিচিত্ৰা নাৰ্জাৰী আৰু চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক আক্ৰামূল ৰহমানে সমল ব্যক্তি হিচাপে ৩০ সংখ্যক ৰাষ্টীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ ৰ মূল বিষয় “সুস্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজোঁ আহা”ৰ অন্তৰ্গত উপ-বিষয় পাঁচটাৰ বিষয়ে বিশদভাৱে বাখ্যা আগবঢ়ায়। দিনজোৰা কৰ্মশালাৰ শেষত শৈক্ষিক সমিতিৰ সমন্বয়ক মৃণাল ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায় ।