NORTHEAST NOW (Assamese)

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে গান্ধী মণ্ডপত অৰ্ধনমিত ৰাষ্ট্ৰীয় পতাকা

November 24, 2020 4:47 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ পাছতে শোক ব্যক্ত কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিদীয়া ৰাজ্যিক শোক ঘোষণা কৰিছিল।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যিক শোক ঘোষণা কৰাৰ পাছতে গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হয়।

২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটিছিল।

গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ বন্যা বৈ গৈছে। প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ বিয়োগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি ৰাজ্যৰ বিভিন্ন স্থানত উদযাপিত হ’বলগীয়া লাচিত দিৱসৰ কাৰ্য্যসূচী সমূহো বাতিল কৰা হয়।

আজি আবেলিৰ পৰা কাইলৈৰ দিনটো প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে অন্যান্য ৰাজনৈতিক নেতা-কৰ্মী সকলেও অসমৰ পুৰোধা ৰাজনীতিবিদ গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Related News