অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধৃতৰাষ্ট্ৰৰ ভূমিকাত গৌৰীসাগৰ আৰক্ষী

ব্যৱসায়ীৰপৰা ডকাইতৰূপী জাতীয় সংগঠনৰ সদস্যই পঁচিশ হাজাৰ নগদ ধন লুট কৰি মুখ লজ্জাৰ ভয়ত উভতাই দিলে ধন

highway2

প্ৰতিনিধিত্বমূলক ফটো

ক্ৰমাৎ অপৰাধীৰ ৰম্যভুমিলৈ  পৰ্যবসিত হৈছে শিৱসাগৰ জিলাৰ জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। জিলাখনৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী দলঙৰ পৰা  ফুলপানীছিগা পৰ্যন্ত  প্ৰায় ৫ কিঃমি দৈৰ্ঘৰ পথ ছোৱাত  একাংশ জাতীয় সংগঠনৰ নেতাৰ সহজলভ্য ধন ঘটাৰ মূল কেন্দ্ৰ হৈ উঠিছে।

অভিযোগ অনুসৰি নিশা হ’লেই  ৰাষ্ট্ৰীয় ঘাইপথছোৱাত  জাতীয় সংগঠনৰ নেতাই লালী গুৰৰ গাড়ী, গৰুৰ গাড়ীকে ধৰি বালি কঢ়িওৱা গাড়ী ৰখাই  মৰেল পুলিচৰ ৰূপত  বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ  কৰে।

শেহতীয়াকৈ দেওৰজা অঞ্চলৰ এজন  ব্যৱসায়ীৰ গাড়ী ৰখাই বুধবাৰে পুৱতি নিশা ফুলপানীছিগাত পঞ্চাশ হাজাৰ টকা দাবী কৰি নগদ পঁচিশ হাজাৰ টকা লৈ উধাও হোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে জাঁজীৰ ফুলপানীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জাঁজীৰ এটা জাতীয় সংগঠনৰ  দুজন যুৱকে ব্যৱসায়ী মুকুট শইকীয়াৰ এখন এ চি গাড়ীৰপৰা ধন দাবী কৰি নগদ পঁচিশ হাজাৰ টকা লুট কৰি নিয়ে।

ঘটনাৰ পিছতে ব্যৱসায়ী মুকুট শইকীয়াই গৌৰীসাগৰ আৰক্ষী থানাত যুৱক দুজনৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছিল যদিও গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিয়ুক্তৰ বিষয়ে থানাত কোনো গোচৰ ৰজু হোৱা নাই বুলি এই সংবাদদাতাক জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে মধ্যস্থতাকাৰীৰ জৰিয়তে  মুখ লজ্জাৰ ভয়ত  যুৱকদ্বয়ে অনুসূচনাত দগ্ধ হৈ ভৱিষ্যতে  এনে কাৰ্য নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰি দাবী কৰি লৈ যোৱা সমুদায়  ধন উভতাই দিয়ে ৷

তাৎপৰ্যপূৰ্ণ যে জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত গৌৰীসাগৰ আৰক্ষীৰ নিয়মীয়া তহল দিয়াৰ পাছতো ৰাষ্ট্ৰ্ৰ্ৰীয় ঘাইপথচোৱা ডকাইতৰ ৰম্যভূমিলৈ পৰ্যবসিত হোৱা বুলি জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা হৈছে ৷ স্থানীয় ৰাইজে আৰক্ষীক অঞ্চলটোৰ মান মৰ্যাদা ৰক্ষা কৰাৰ লগতে ইয়াৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে।