উত্তৰ-পূবৰ লগতে দক্ষিণ-পূব এচিয়াৰ দুৱাৰমুখ গুৱাহাটীত আদৰ্শ ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব।
মহানগৰীৰ খানাপাৰা-জালুকবাৰী পৰ্যন্ত এই আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’ব।
দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ ৫৭ টা অংশক আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণে গঢ়ি তুলিব বুলি ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক আলোক কুমাৰে ।
নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সঞ্চালক গৰাকীয়ে নিৰ্মাণ হ’বলগীয়া আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ হ’ব বুলি কয়।
বাৰিষাৰ পিছতে অক্টোবৰ-নৱেম্বৰত এই পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও তেওঁ লগতে কয়। প্ৰায় ৮০০ কোটি টকা ব্যয়ৰে পথছোৱা নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।
এই আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথত বহুকেইখন উৰণীয়া সেতু সংলগ্ন হৈ থাকিব । ইতিমধ্যে উৰণীয়া সেতু সমূহৰ ডিপিআৰৰ কাম আৰম্ভ হৈছে বুলিও সঞ্চালক গৰাকীয়ে লগতে জনায়।
বৰাগাঁও, বশিষ্ঠ, লখৰা আৰু গড়চুকত ৬ লেনযুক্ত উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ ফলত যান-যটৰ সমস্যাও হ্ৰাস পোৱাৰ আশা ব্যক্ত কৰে আলোক কুমাৰে ।
আনহাতে, এই ঘাইপথ সমূহত সৌন্দৰ্য্য বৰ্দ্ধনৰ নানা ৰঙৰ ফুল গছ ৰোপন কৰাৰ লগতে জনসাধৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চি চি টিভি কেমেৰা সংস্থাপন কৰা হ’ব আৰু জনতাৰ সুবিধাৰ প্ৰস্ৰাৱগাৰ আৰু পথচাৰীৰ বাবে পদপথৰ সুবিধাও থাকিব বুলি সঞ্চালক গৰাকীয়ে জনায়।
উৰণীয়া সেতুৰ লগতে চাৰ্ভিচ ৰোড আৰু নলা-নৰ্দমা সমূহো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব বুলি জনায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সঞ্চালক গৰাকীয়ে।