ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে ২০১৮’বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ মাজত শক্তি সংৰক্ষণৰ ওপৰত আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাত অসমৰ সু-সন্তান আৰিয়ন মানস হাজৰিকাই দেশৰ ভিতৰতে তৃতীয় স্থান(গ্ৰুপ বি) লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
নতুন দিল্লীত অলপতে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোক সভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে এই পুৰস্কাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনিত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতাত দেশৰ সমূহ ৰাজ্যৰ পৰা প্ৰায় ৫০ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ৷
আনহাতে, আৰিয়ান মানস হাজৰিকাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিত্ৰাঙ্কনত চি চি আৰ টিৰ বৃত্তিও লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান আৰিয়ন মানস হাজৰিকাই সঞ্জীৱনী কলা নিকেতনত চিত্ৰাঙ্কন শিকি আছে ৷
নগাঁও জিলাৰ চামগুৰিৰ নিৱাসী বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা ৰমেন হাজৰিকা আৰু বাণী মুক্তিয়াৰ হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ন মানস হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ একাডেমি, দিশপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷