সমাজ গঠনত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ডিমা হাছাও উপায়ুক্ত

IMG-20181116-WA0026 (1)

সমগ্ৰ দেশৰ লগত শুকুৰবাৰে হাফলঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আয়োজন কৰা প্ৰেছ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা। আনহাতে হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ কুমাৰ বিশ্বাস, প্ৰবীন সাংবাদিক তথা ডিমা  হাচাও পোষ্টৰ সম্পাদক সূৰ্য্য থাউচেন,  এল কে হেঙ্গনা আৰু জনসংযোগ বিষয়া পূৰবী ফংল আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

এইবাৰৰ প্ৰেছ দিৱসৰ থিম  ‘Journalism Ethics and Challenges in Digital Era ‘ৰ ওপৰত বক্তব্য আগবঢ়াবলৈ গৈ বক্তা সূৰ্য্য থাউচেন, এল কে হেঙ্গনা, নৰ্থ ইষ্ট নাওৰ জিলা সংবাদদাতা পংকজকুমাৰ দেব, চামছুল আলম, নিৰ্মল সিঙে এথিকছৰ ওপৰত গুৰুত্ব দিয়ে। লগতে আজিৰ ডিজিটেল যুগত সাংবাদিকতা বা সংবাদ পৰিবেশনত অধিক দায়বদ্ধতা বাঢ়িছে বুলিও কয় বক্তা সকলে। কাৰণ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভুৱা তথ্য সাধাৰণ ৰাইজৰ মাজত জটিলতাৰ সৃষ্টি কৰে। সেই কাৰণে সংবাদৰ সত্যতা লৈও প্ৰশ্নৰ অৱতাৰণা কৰা হয়। পংকজকুমাৰ দেবে বিশেষকৈ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত অতিৰঞ্জিত যাতে নহয় বা টিআৰপিৰ পিছত    দৌৰি সঠিক তথ্য হেৰাই যাব লগা তাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে।

সভাত বক্তব্য ৰাখে অনুষ্ঠানৰ মুখ্য অতিথি জিলা  উপায়ুক্ত অমিতাভ ৰাজখোৱাই। তেওঁ কয় যে আজিৰ দিনত সমাজ তথা দেশ গঠনত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে। লগতে যি কোনো সজাগতা বা প্ৰশাসনৰ বিভিন্ন কাম-কাজৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ ভূমিকা উল্লেখনীয়। উপায়ুক্ত ৰাজখোৱাই প্ৰেছ দিৱস উপলক্ষে ডিমা হাছাও জিলাৰ সমূহ সাংবাদিক আৰু সংবাদগোষ্ঠীৰ উপৰিও তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

শুকুৰবাৰৰ অনুষ্ঠানৰ আৰম্ভণিত তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰধান সহকাৰী এন দংগেলৰ উপৰিও তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলই তথ্য সমৃদ্ধ বক্তব্য আগবঢ়ায়।