NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত সংহতি দৌৰ

October 31, 2019 11:44 am · পাৰ্শ্বজ্যোতি গগৈ

ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি ৩১ অক্টোবৰৰ দিনটো সমগ্ৰ দেশতে “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে উদযাপন কৰা হয়।

“ৰাষ্ট্ৰীয় একতা দিৱস” উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা ৭:০০ বজাত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা  এক “সংহতি দৌৰ”ৰ আয়োজন কৰা হয়।

এই সংহতি দৌৰ আৰম্ভ হোৱাৰ প্ৰকমুহূৰ্তত জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই সকলোকে একতাৰ শপত বাক্য পাঠ কৰায়।

আজিৰ এই কাৰ্যসূচীত উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা প্ৰশাসন আৰু চৰকাৰী বিভাগ সমূহৰ বিষয়-ববীয়া, আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, নবীন-প্ৰবীণ ক্রীড়াবিদ, ক্ৰীড়া সংগঠক আদিকে কৰি গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

Related News