NORTHEAST NOW (Assamese)

শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ অনুষ্ঠান; প্ৰায় পাঁচ হাজাৰ লোকে কৰিব অংশগ্ৰহণ

April 29, 2022 2:29 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ

শিৱসাগৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ অনুশীলন অনুষ্ঠান। অহা ২ মে’ত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।

প্ৰায় পাঁচ হাজাৰ লোকে একেলগে অংশগ্ৰহণ কৰিব এই যোগৰ কাৰ্যসূচীত।

মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব।

লগতে পঢ়ক: কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবে ৰাহুল-প্ৰিয়ংকা নহয়, আন নামহে প্ৰস্তাৱ কৰিছিল প্ৰশান্ত কিশোৰে!

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল প্ৰাঙ্গণ আৰু শিৱদ’লৰ সন্মুখৰ পথত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ কাৰ্যসূচী অনুষ্ঠিত হব।

আজি এক সংবাদমেল যোগে এই কথা জনায় শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে।

জিলাখনৰ সকলো নাগৰিককে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বৃহৎ যোগ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জানায় উপায়ুক্ত গৰাকীয়ে।

Related News