ফাঁচীবজাৰ চ’কৰ নতুন নামকৰণক লৈ বিতৰ্ক; গৰজি উঠিল জাতীয় দল-সংগঠন

অসমীয়া জন-জীৱনৰ লগত পৰিচয় নথকা মহাৰাজা অগ্ৰসেনৰ নামৰ প্ৰস্তাৱ ল’লে কিয়?

moharaja

গুৱাহাটীৰ ফাঁচীবজাৰৰ জেইলৰোড আৰু কামৰূপ চেম্বাৰ ৰোডৰ সংযোগীস্থল ফাঁচীবজাৰ তিনিআলিৰ নতুন নামৰ যো-জা চলাইছে গুৱাহাটী পৌৰ নিগমে।গুৱাহাটীৰ আগৰৱালা সভাৰ অনুৰোধ মৰ্মে গুৱাহাটী পৌৰ নিগমে ফাঁচীবজাৰ তিনিআলিৰ নাম মহাৰাজা অগ্ৰসেনৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ ইতিমধ্যে লৈছে।

মহাৰাজা অগ্ৰসেন এখন ব্যৱসায়িক চহৰ অগ্ৰোহাৰ ৰজা আছিল। তেওঁক বণিয়া সম্ৰাট বুলিও জনা গৈছিল।

ইয়াক লৈ ইতিমধ্যে বাতৰি কাকতযোগে জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

পিছে, সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছে ‘অসমৰ জন-জীৱন বা সমাজ জীৱনৰ লগত সম্পৰ্ক নথকা এটা নামেৰে অসমৰ ৰাজহাড়স্বৰূপ গুৱাহাটীৰ ফাঁচীবজাৰ চ’কৰ নামকৰণ কিয়?’

ইয়াক লৈ এতিয়া গৰজি উঠিছে জাতীয় দল-সংগঠন।

Also Read: স্তিমিত নহয় কৃষক আন্দোলন, ২৭ নৱেম্বৰত লোৱা হ’ব পৰৱৰ্তী প্ৰদক্ষেপৰ সিদ্ধান্ত

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

লুৰীণজ্যোতি গগৈয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়াৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয়, ‘অসমৰ প্ৰতি কোনোধৰণৰ সেৱা-অৱদান নথকা মানুহৰ নামত পথ বা চ’ক হ’ব সেইটো কোনো কাৰণত মানি লোৱা নহ’ব।‘

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়, ‘আমি সকলো সমাজক সন্মান কৰো। কিন্তু মহাৰাজা অগ্ৰসেন কোন বা তেওঁক অসমীয়া মানুহে নাজানে। গতিকে নজনাকৈ সেই পথৰ নাম দিব লাগে নে নালাগে সেইটো কেনেকৈ ক’ম?’

‘তেওঁৰ অসমীয়া সমাজ জীৱনলৈ অৱদান কি প্ৰথমে সকলোকে অৱগত কৰক। তাৰ পাছত তেওঁৰ নামত নামকৰণ কৰিব লাগে নে নালাগে ক’ব পাৰিম।‘ চাংমাইয়ে এইদৰে কয়।

Also Read: Akhil Gogoi ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণৰ নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া: অখিল গগৈ

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই।

ডেকাই কয়, ‘বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত শ্যমাপ্ৰসাদ মুখাৰ্জী, দীনদয়ালৰ নামতো নামকৰণ কৰা দেখিবলৈ পোৱা গৈছিল, যিসকলৰ অসমৰ অসমীয়া জীৱনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাছিল। বহিৰাগত বণিয়াৰ পথিক হিচাপে সেই ঠাইৰ নামকৰণ কৰিব বিচাৰিছে। যদিহে ঠাইডোখৰৰ নামকৰণ কৰাতো আৱশ্যক তেন্তে অসমীয়া জাতীয় জীৱনৰ কোনোবা বীৰ বীৰাঙ্গনাৰ নামত দিব লাগে।‘

‘যিগৰাকী লোকৰ নাম প্ৰস্তাৱ লৈছে তেওঁৰ নাম অসমৰ ইতিহাসৰ লগতো জড়িত নহয়। যাৰ নামৰে দিবলৈ বিচাৰিছে তেওঁলোকৰ প্ৰতি যে চৰকাৰৰ সদ্দিচ্ছা আছে সেইটো দেখুৱাব বিচৰা হৈছে।‘ ডেকাই লগতে কয়।

Also Read: Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

ইপিনে, অসমৰ জন জীৱনৰ সৈতে কোনো সম্পৰ্ক নথকা মহাৰাজাৰ নামত ফাঁচীবজাৰৰ চ’কৰ নাম দিয়াক কেন্দ্ৰ কৰি জাতীয় দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আগৰৱালা সমাজে।

আগৰৱালা সমাজৰ জন সংযোগ বিষয়া পংকজ পড্ডাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়, ‘অগ্ৰসেন আগৰৱালাৰ বংশধৰ আছিল। তেওঁ সমগ্ৰ বিশ্বতে কেৱল জাতিৰ বাবে নহয় মানুহৰ বাবে কাম কৰিছিল। আমি যিহেতু আগৰৱাল লোকখিনি গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰি আছো আৰু স্থানীয় লোকৰ সৈতে মিলি আছো। গতিকে তেওঁৰ অসমৰ সৈতে সম্পৰ্ক নাই বুলি ক’লে ভুল কৰা হ’ব।‘

Also Read: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্ত অংকিতা দত্ত

ইপিনে, শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে অন্য অসমৰ সমাজ জীৱনৰ লগত সম্পৰ্ক থকা লোকৰ নামেৰে চ’কটোৰ নামকৰণ কৰিব নোৱাৰিলে নেকি বুলি আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘আপুনি কোৱা কথাষাৰ ঠিকেই আছে। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত বিভিন্ন ভৱন, খেলপথাৰ আছে। মহাৰাজা অগ্ৰসেনক আমি পূজা-অৰ্চনা কৰো। সেয়েহে আমি গুৱাহাটী পৌৰ নিগমৰ সৈতে যোগাযোগ কৰিছিলো।‘