• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Akhil Gogoi ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণৰ নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া: অখিল গগৈ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 25, 2021 5:42 pm
Akhil-and-himanta(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Akhil Gogoi ‘নাগালেণ্ডে পূৰ্বৰে পৰা অসমৰ বহু ভুমি দখল কৰি আহিছে। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত নাগালেণ্ডৰ গাওঁ এখন থাকিলে তেওঁলোকক চৰকাৰে সুধিলে ক’ব নেকি যে তেওঁলোক অসমৰ লগত থাকিব। চৰকাৰৰ এই নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া।‘ ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণ নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদমেলত এইদৰে কয় বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে সংবাদমেলত প্ৰশ্ন কৰি কয়, ‘’অসমৰ সাংবিধানিক সীমাৰ মাটি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যক গতাই দিব খুজিছে নেকি?’’

ইপিনে, উক্ত সংবাদমেলতে চলিত বৰ্ষৰ আগষ্ট মাহত বিধানসভাত গৃহ বিভাগে দিয়া তথ্য দাঙি ধৰি অখিলে কয়, ‘’নাগালেণ্ডে অসমৰ ৫৫,৩৯৬.১২৯৬ হেক্টৰ ভুমি বেদখল কৰি আছে। মিজোৰামে ১৫৭৭.৫৬ হেক্টৰ ভুমি, অৰুণাচল প্ৰদেশে ৮৩৯৫.২৫৪৫ হেক্টৰ ভুমি, মেঘালয়ে ৩৪৪১.৮৬০১ হেক্টৰ ভুমি বেদখল কৰি আছে।‘’

Apply Now

অসমৰ সৰ্বমুঠ ৬৯০১০.৮২৪২ হেক্টৰ ভুমি চুবুৰীয়া ৰাজ্যই দখল কৰি আছে বুলি অখিলে সংবাদমেলত জনায়।

ইপিনে, নাগালেণ্ডে নিজৰ মহকুমা অসমৰ মাটিৰ ভিতৰত স্থাপন কৰা বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘’এতিয়া যদি নাগালেণ্ডক গৈ সোধা যায় যে আপোনালোকে স্থাপন কৰা মহকুমাটো অসমে ৰাখিব নে নাগালেণ্ডে ৰাখিব? চৰুক সুধি চাউল সিজোৱা নিয়মৰ জৰিয়তে অসমৰ সাংবিধানিক সীমাৰ ক্ষেত্ৰত আপোচ কৰিব খোজা হৈছে।‘’

চৰকাৰৰ এই নীতি অসমীয়া জাতিৰ বাবে ভয়াবহ ইংগিত বুলি অখিল গগৈয়ে উল্লেখ কৰে।

Also Read: ‘বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে’; কোনে কাক উদ্দেশ্যি ক’লে এই কথা?

ইপিনে, বিধানসভাৰ পৰা এই সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ মতামত লোৱা নাই বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘’বিধানসভাত সীমা নিৰ্ধাৰণ সন্দৰ্ভত কোনোধৰণৰ প্ৰস্তাৱ লোৱা নাই। এই সন্দৰ্ভত কোনোধৰণৰ ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হোৱা নাই। অথচ অসমৰ মন্ত্ৰীসকলে ঘোষণা কৰিছে যে চাৰি ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ জনতাৰ মতামত গ্ৰহণ কৰি সীমান্তৰ সীমা নিৰ্ধাৰণ কৰা হ’ব।‘’

আনহাতে, ১৯৮৮ চনৰ পৰা অসম আৰু নাগালেণ্ডৰ সীমাকেন্দ্ৰিক বিবাদৰ ওপৰত উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা বুলি উল্লেখ কৰি অখিলে আৰু কয়, ‘’১৯৮৯ চনৰ পৰা অৰুণাচলৰ লগত সীমাকেন্দ্ৰিক দুটা গোচৰ চলি আছে। গোচৰ চলি থকাৰ পাছতো যদি জনতাৰ মতামত লৈ অসমে পুনৰ আপোচ কৰে তেন্তে ই ইতিহাসত লিপিবদ্ধ হৈ ৰ’ব আৰু অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাটকতা কৰা হ’ব।‘’

Also Read: Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

আনহাতে, উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, ‘’হিমন্ত বিশ্ব শৰ্মাৰ মতে চৰকাৰ চলে। চৰকাৰখন কেৱল এজন মানুহৰ। তেওঁৰ কথাই চৰকাৰখনৰ শেষ কথা। বেলেগ কোনো মন্ত্ৰী বিধায়ক নাই, বিজেপিত কেৱল এজনেই মন্ত্ৰী এজনেই বিধায়ক আৰু সেইজন হিমন্ত বিশ্ব শৰ্মা।‘’

‘’অসমৰ ভুমি ওচৰ চুবুৰীয়া ৰাজ্যক গতাব খুজি চৰকাৰে এটা ঐতিহাসিক বিশ্বাসঘাতকতা কৰিবলৈ গৈ আছে,’’- অখিলে এইদৰে কয়। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd